NORTHEAST NOW (Assamese)

নলবাৰীত ঘৰৰ পুখুৰীত গা ধুই থাকোতেই পানীত ডুবি মৃত্যুক সাবটিলে মৃগী ৰোগী মহিলাই

June 16, 2018 10:25 pm · এন ই নাও নিউজ

নলবাৰীত আজি এগৰাকী মহিলাই গা ধুবলৈ গৈ মৃত্যুক আঁকোৱালি লোৱা ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।

উল্লেখযোগ্য যে নলবাৰীৰ বাহঁজানীৰ অন্তৰ্গত অগ্নিশাল সত্ৰৰ নিবাসী দীপাংকৰ ৰাজবংশীৰ পত্নী অলকা ৰাজবংশী (২২ ) নামৰ মহিলা গৰাকীয়ে আজি পুখুৰীত গা ধুবলৈ যাওঁতে দুৰ্ভাগ্যবশত সলিল সমাধি ঘটি মৃত্যুক আঁকোৱালি ল’ব লগা হয়।

পিছত বহুত সময় ধৰি ঘৰ আহি নোপোৱাত পৰিয়ালৰ লোক  আৰু স্থানীয় ৰাইজে বহু বিচাৰ-খোচাৰ কৰি পানীত উপঙি থকা অৱস্থাত মহিলাগৰাকীক উদ্ধাৰ কৰে।

ইফালে নলবাৰীৰ বালিলেচাৰ অলকাৰ মাতৃ পৰিয়ালে এয়া ৰহস্যজনক মৃত্যু বুলি সন্দেহ কৰাৰ বিপৰীতে স্বামী পৰিয়াল আৰু ৰাইজে অলকাৰ মৃগি ৰোগৰ বাবে পানীত পৰি মৃত্যু হয় বুলি দাবী কৰে। যিহেতু পূৰ্বতে মৃগি ৰোগত আক্ৰান্ত হোৱাত অলকাক নলবাৰী অসামৰিক চিকিৎসালয়ত ভৰ্ত্তি কৰা হৈছিল।

পিছত নলবাৰী আৰক্ষী আহি ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। মৃত্যুৰ সময়ত মহিলা গৰাকীয়ে স্বামী আৰু এগৰাকী চাৰি বছৰীয়া কন্যা এৰি থৈ যায় বুলি জানিব পৰা গৈছে।

Related News