নলবাৰী জিলাৰ সোণপুৰত আৰক্ষী আৰু মহিলাই জব্দ কৰিলে ২৭ কিলোগ্ৰাম ভাং

dc-Cover-652ovhkibhg82kh6on274ihkn1-20180327033606.Medi

প্ৰতিনিধিত্বমূলক ফটো

নলবাৰী চহৰৰ সোণপুৰত বৃহস্পতিবাৰে সন্ধিয়া আৰক্ষী আৰু মহিলাই অভিযান চলাই সোণপুৰৰ পৰা প্ৰায় ২৭ কিলোৰো অধিক ভাং আৰু ৩০ পেকেটৰ অধিক মেনথল ছিগাৰেটৰ পেকেট জব্দ কৰে। ইতিমধ্যে আৰক্ষী আৰু মহিলাৰ এই অভিযানকাৰী বাহিনীয়ে মদ, ভাং, ড্ৰাগ্‌ছ আৰু জুৱাৰ বিৰুদ্ধে অভিযান চলাই দুশ লিটাৰ মদ জব্দ কৰি নষ্ট কৰিছিল।

নলবাৰী আৰক্ষীৰ এটা দলে স্থানীয় শতাধিক মহিলাৰ সহযোগত সোণপুৰৰ নৈশ আশ্ৰয় গৃহৰ এটা কোঠাৰ পৰা এই হানিকাৰক সামগ্ৰীসমূহ উদ্ধাৰ কৰে। নলবাৰী সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বদৰুল ইছলামৰ নেতৃত্বত যোৱা আৰক্ষীৰ দল, জিলাৰ অতিৰিক্ত উপায়ুক্ত উদয়াদিত্য গগৈৰ উপস্থিতিত মহিলাসকলে ৰণচণ্ডী মূৰ্তি ধৰি নৈশ আশ্ৰয় গৃহৰ পৰা এই সামগ্ৰীসমূহ উদ্ধাৰ কৰাৰ লগতে অভিযানকাৰী দলটোৱে সন্দেহৰ আৱৰ্তত থকা সোণপুৰৰে বিপুল দাসৰ ঘৰত প্ৰৱেশ কৰি অভিযান চলায়।

বৃদ্ধা মাতৃ থকা পৰিয়ালটোত অভিযানৰ উমান পাই বিপুল দাস পলাই যাবলৈ সক্ষম হয়। লক্ষণীয় যে সোণপুৰৰ নৈশ আশ্ৰয় গৃহত ভাং উদ্ধাৰ হোৱা ঘটনাই নলবাৰীত  প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

উল্লেখ্য যে যোৱা তিনি দিন ধৰি সোণপুৰ মহিলা সমিতিয়ে স্থানীয় মহিলাসকলক একত্ৰিত কৰি অঞ্চলটোত মদ, ভাং, জুৱা, ড্ৰাগছ আৰু অসামাজিক কাম-কাজৰ বিৰুদ্ধে তীব্ৰ অভিযান আৰম্ভ কৰিছে।

সোণপুৰ মহিলা সমিতিৰ মহিলাসকলে এই অভিযান আৰু অধিক তীব্ৰতৰ কৰি তুলিব বুলি জানিব পৰা গৈছে।