নাগালেণ্ডত ২৭ ফেব্ৰুৱাৰিত প্ৰায় মসৃণভাৱে আৰু ব্যাপক সংখ্যক নাগা ৰাইজৰ সঁহাৰিৰ (৭৫ শতাংশ ভোটদানলৈ মনত পেলাব পাৰি) মাজেৰে সম্পন্ন হোৱা বিধানসভা নিৰ্বাচনে এক ডাঙৰ সকাহ দিলে কেন্দ্ৰীয় চৰকাৰৰ লগতে নিৰ্বাচন আয়োগক। দৰাচলতে নিৰ্বাচনৰ মাত্ৰ কেইদিন মান আগলৈকে এন এছ চি এন (আই এম) আৰু নাগা হো হো বিলাকৰ ক’ৰ কমিটিৰ দাবী তথা আহ্বানে সৃষ্টি কৰা ৰাজনৈতিক অচলাৱস্থাৰ কোনো প্ৰভাৱ দেখা নগ’ল এই নিৰ্বাচনত। নিম্নতম বিক্ষিপ্ত ঘটনাৰ বাদে নিৰ্বাচনী হিংসা নাছিল বুলিব পাৰি।
এই নিৰ্বাচনৰ মাজেৰে নাগা ৰাইজে যে গণতান্ত্ৰিক প্ৰক্ৰিয়াটোৰ ওপৰত সম্পূৰ্ণ আস্থা প্ৰদৰ্শন কৰিলে, কেৱল সেয়ে নহয়। নাগালিম দাবীত আঁকোৰগোজ হৈ থকা নাগা সংগঠনবোৰ, বিশেষকৈ এন এছ চি এন (আই এম) আৰু নাগা হোহো বিলাকৰ গ্ৰহণযোগ্যতা সম্পৰ্কতো এক প্ৰশ্ন থিয় কৰাইছে।
উল্লেখযোগ্য যে নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰাৰ কেইদিনমানৰ পিছতে নাগা হোহো বিলাক আৰু শীৰ্ষস্থানীয় বেচৰকাৰী সংগঠনবোৰৰ ক’ৰ কমিটিয়ে (CCNTHCO) বৈঠকত মিলিত হৈ সকলোকে নাগালিমৰ প্ৰসংগটোৰ চয়-নিশ্চয় নোহোৱা পৰ্য্যন্ত নিৰ্বাচনৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনাইছিল। একেই দাবী কৰিছিল ৰাজ্যখনৰ শক্তিশালী বিদ্ৰোহী সংগঠন এন এছ চি এনেও।
এই আহ্বানৰ প্ৰতি সঁহাৰি দি প্ৰথম অৱস্থাত ৰাজ্যখনৰ ১১টাকৈ (বিজেপি, কংগ্ৰেছকে ধৰি আটাইবোৰ দল) দলৰ প্ৰতিনিধিসকল নিৰ্বাচন বৰ্জনৰ সিদ্ধান্তত উপনীত হৈছিল। কিন্তু পৰৱৰ্তী সময়ত প্ৰথমে বিজেপি সেই স্থিতিৰ পৰা আঁতৰি আহে। দলটোৱে উক্ত বৈঠকত উপস্থিত থাকি এই সম্পৰ্কীয় বিবৃতিত চহী কৰা দলৰ নেতাজনক নিলম্বনো কৰে। ইয়াৰ পিছতে ক্ৰমে এন পি এফ, কংগ্ৰেছকে ধৰি বাকীবোৰ দলো সেই স্থিতিৰ পৰা আঁতৰি আহে।
নিৰ্বাচন বৰ্জনৰ ভাবুকি সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এই বুলি জনাইছিল যে সময়ত নিৰ্বাচন অনুষ্ঠিত কৰাটো চৰকাৰৰ এটা সাংবিধানিক দায়িত্ব আৰু ইয়াক এৰাই চলাৰ অৰ্থ হ’ব সংবিধান অৱমাননাৰ সমান।
আনহাতে নিৰ্বাচন বৰ্জনৰ ভাবুকিৰ মাজতে দেশৰ নিৰ্বাচন আয়োগে নিৰ্বাচনী অধিসূচনা জাৰি কৰাৰ প্ৰতিবাদত ১ ফেব্ৰুৱাৰিত সমগ্ৰ নাগালেণ্ড বন্ধৰ আহ্বান জনাইছিল নাগা হোহো বিলাক আৰু শীৰ্ষস্থানীয় বেচৰকাৰী সংগঠনবোৰৰ ক’ৰ কমিটিয়ে।
কিন্তু তাৎপৰ্য্যপূৰ্ণভাৱে এই বন্ধৰ প্ৰতিও নাগা ৰাইজৰ সঁহাৰি তেনেই কুহুমীয়া আছিল। অৱশেষত নিজৰ স্থিতি ত্যাগ কৰাই নহয়, নাগা হোহো বিলাক আৰু শীৰ্ষস্থানীয় বেচৰকাৰী সংগঠনবোৰৰ ক’ৰ কমিটিখনেই (CCNTHCO) ভংগ কৰি দিয়া হয়।
যোৱা ২৭ ফেব্ৰুৱাৰিত নাগা ৰাইজে স্বতঃস্ফূৰ্ত ভোটদানৰ জৰিয়তে নিৰ্বাচন প্ৰক্ৰিয়াৰ প্ৰতি প্ৰতি যি নিঃসংকোচ তথা নিৰ্ভীক মনোভাব প্ৰদৰ্শন কৰিলে, তালৈ চাই নাগা ৰাইজৰ আৱেগ-অনুভূতি আৰু নাগা সশস্ত্ৰ বিদ্ৰোহী তথা নাগা হো হো বিলাকৰ উপলব্ধিৰ মাজত বিৰাট পাৰ্থক্য থকা যেন ভাব হৈছে।
সেয়া যি নহওক সাধাৰণ নাগা ৰাইজে কেন্দ্ৰীয় চৰকাৰ আৰু নিৰ্বাচন আয়োগৰ বাবে এটা ডাঙৰ কাম কৰিলে। যিটো কাম হয়তো শতাধিক সামৰিক বাহিনীৰ কোম্পানীয়েও কৰিব নোৱাৰিলে হেঁতেন।
কিয়নো, নিৰ্বাচন পাতিব নোৱৰাটো নিৰ্বাচন আয়োগ তথা কেন্দ্ৰীয় চৰকাৰৰ বাবে এটা নজিৰ বিহীন লজ্জাৰ ঘটনা হ’ল হেঁতেন। আনহাতে নিৰ্বাচনত ব্যাপক হিংসা হোৱাৰ বাৰ্তা এয়ে হ’ল হেঁতেন যে নাগা ৰাইজে নিৰ্বাচন বিচৰা নাছিল, জোৰ কৰি জাপি দিয়া হ’ল। এতিয়া দুয়োটা অপবাদৰ পৰা কেন্দ্ৰীয় চৰকাৰ তথা নিৰ্বাচন আয়োগ মুক্ত হ’ল।