যোৱা ৩০ দিচেম্বৰৰ পৰা কাৰ্যকৰী হোৱাকৈ সমগ্ৰ নাগালেণ্ডতে পুনৰ এবাৰ ‘অশান্ত অঞ্চল’ অাইনৰ ম্যাদ বৃদ্ধি কৰিছে কেন্দ্ৰীয় চৰ্কাৰে।
আফ্স্পা (Armed Forces Special Powers Act)ৰ অধীনত ছমাহৰ বাবে ইয়াক বঢ়াই দিয়া হৈছে। উল্লেখ্য যে স্থানীয় লোকে নৃশংস বুলি বিবেচনা কৰা এই আইনে নিৰাপত্তা বাহিনী সমূহক কোনো আগতীয়া জাননী নিদিয়াকৈ যিকোনো স্থানতে অভিযান চলোৱাৰ ক্ষমতা প্ৰদান কৰে।
কেন্দ্ৰীয় গৃ্হ বিভাগে গেজেত জাননীযোগে জনোৱা অনুসৰি নাগালেণ্ডৰ সকলো ঠায়ে তেওঁলোকৰ মতে ‘এনে এক অশান্ত আৰু বিপজ্জনক অৱস্থাত’ আছে যে ৰাজ্যখনত অসামৰিক শক্তিৰ সহযোগত সশস্ত্ৰ বাহিনীৰ ব্যৱহাৰ প্ৰয়োজনীয়।
বিবৃতিটোত লগতে কোৱা হৈছে যে, ‘বৰ্তমান সেয়ে, আফ্স্পা (Armed Forces Special Powers Act, 1958)ৰ ৩ নং ধাৰাই প্ৰদান কৰা ক্ষমতা প্ৰয়োগ কৰি উল্লেখ কৰা ৰাজ্যখনৰ সকলো অঞ্চলকে ৩০ দিচেম্বৰ, ২০১৭ৰপৰা কাৰ্যকৰী হোৱাকৈ ছমাহৰ বাবে অশান্ত অঞ্চলৰূপে কেন্দ্ৰীয় চৰ্কাৰে ঘোষণা কৰে।’
ইয়াৰ পূৰ্বে যোৱা বছৰৰ ৩০ জুনত ছমাহৰ বাবে বঢ়াই দিয়া আইনখনৰ সময়সীমা যোৱা ৩০ দিচেম্বৰত অন্ত পৰিছিল।
বিভাগীয় সূত্ৰই দাবী কৰা অনুসৰি নাগালেণ্ডৰ বিভিন্ন ঠাইত ‘হত্যা, লুটপাট আৰু ধনদাবী’ চলি থকাৰ বাবেই এই অশান্ত অঞ্চল আইনৰ ম্যাদ বঢ়াই দিয়া হৈছে।
যোৱা বহু দশকজুৰি নাগালেণ্ডত এই অশান্ত অঞ্চল আইন বলবৎ হৈ আহিছে। এন এচ চি এন-আই এমৰ সচিব থুইগালেং মুইভা আৰু চৰ্কাৰী আলোচনাকাৰী আৰ এন ৰৱিৰ মাজত নৰেন্দ্ৰ মোদিৰ উপস্থিতিত ২০১৫ চনৰ ৩ আগস্তত স্বাক্ষৰিত হোৱা ফ্ৰে’ইমৱৰ্ক এগ্ৰীমেন্তৰ পিছ্তো ইয়াক বাতিল কৰা হোৱা নাছিল।
১৮ বছৰ ধৰি হোৱা ৮০ লানি আলোচনাৰ পাছত নাগালেণ্ডৰ উগ্ৰপন্থী বহু দশক্জোৰা কাৰ্যকলাপৰ অন্তত প্ৰথমবাৰৰ বাবে ১৯৯৭ চনত যুদ্ধবিৰতি চুক্তি স্বাক্ষৰিত হৈছিল।