নাগা ফ্ৰেইমৱৰ্ক চুক্তিৰ বাবে মণিপুৰৰ প্ৰশাসনিক তথা ভৌগোলিক গাঁথনি সলনি কৰিবলৈ দিব নোৱাৰি : বীৰেন সিং

মণিপুৰ বিধানসভাই যোৱা শুকুৰবাৰে স্পষ্ট প্ৰস্তাৱত কয় যে নাগা ৰাজনৈতিক সংকটৰ সমাধানৰ বাবে কৰা নাগা ফ্ৰেইমৱৰ্ক চুক্তিৰ ফলত ৰাজ্যখনৰ বৰ্তমানৰ প্ৰশাসনিক গাঁথনিৰ কোনো সালসলনি কৰা উচিত নহয় আৰু লগতে কোনো স্বায়ত্তশাসিত অঞ্চলৰ সৃষ্টি কৰা উচিত নহ’ব।

মণিপুৰ বিধানসভাৰ সিদ্ধান্তটো বিধানসভাৰ অধ্যক্ষ য়ুমনাম খেমচান্দে পাঠ কৰি দিয়ে।

আজিৰ সিদ্ধান্তৰ উপৰি মণিপুৰৰ ৬০ জনীয়া বিধানসভাই যোৱা ২১ জুলাইত লোৱা সিদ্ধান্তৰ পুনৰ উল্লেখ কৰে, যাৰ জৰিয়তে বিধানসভাই ভাৰতৰ সংবিধানৰ ৩ নং অনুচ্ছেদৰ সংশোধন কৰিবলৈ আহ্বান জনাইছে, যাতে নতুন এখন প্ৰদেশ গঠন কৰা, ভৌগোলিক অৱস্থান, সীমা বা নামৰ সালসলনি কৰিবলৈ হ’লে প্ৰভাৱ পৰিব পৰা ৰাজ্যৰ বিধানসভাৰ অনুমতি লোৱাটো বাধ্যতামূলক হয়। আৰু লগতে কেন্দ্ৰীয় চৰকাৰক নাগা ফ্ৰেইমৱৰ্ক এগ্ৰিমেণ্ট মণিপুৰ চৰকাৰৰ বাবে সুলভ কৰিবলৈ দাবী জনাইছিল। মণিপুৰ বিধানসভাই আজি বিৰোধী আৰু শাসনাধিষ্ঠিত দলৰ ১৮ জন বিধায়কৰ মতামত, মন্তব্যৰ বিবেচনা কৰি চোৱাৰ পিছত এই সিদ্ধান্তটো লয়। ইয়াৰ মাজত প্ৰাক্তন মুখ্য মন্ত্ৰী ইববি সিঙো আছিল। তাৰ পূৰ্বে কংগ্ৰেছী বিধায়ক কে জয়কিশানে এই ক্ষেত্ৰত বিধানসভাক নাগা ফ্ৰেইমৱৰ্ক এগ্ৰিমেণ্টৰ সাৰমৰ্ম মণিপুৰ চৰকাৰৰ বাবে সুলভ কৰিবলৈ কেন্দ্ৰক আহ্বান জনাই প্ৰস্তাৱ ল’বলৈ দাবী উত্থাপন কৰে। তেওঁৰ দাবীক বিৰোধী সদস্যসকলে সমৰ্থন দিয়ে। মুখ্য মন্ত্ৰী বীৰেন সিঙে এই ক্ষেত্ৰত বিধানসভাক জনায় যে তেওঁৰ চৰকাৰে নাগা চুক্তিৰ সবিশেষ ৰাজহুৱা কৰিবলৈ হেঁচা দি যাব।