নাগা বিদ্ৰোহীৰ কবলৰ পৰা পলাই আহিবলৈ সক্ষম হ’ল অপহৃত অসমীয়া ব্যৱসায়ী

অপহৃত অৱস্থাৰ পৰা পলাই আহিবলৈ সক্ষম হোৱা ঘনশ্যাম মিশ্ৰ।

এক প্ৰকাৰৰ চাঞ্চল্য সৃষ্টিকাৰী এটা ঘটনাত এজন অসমীয়া ব্যৱসায়ীয়ে সৌভাগ্যক্ৰমে নাগা বিদ্ৰোহীৰ কৱলৰ পৰা সাৰি আহিবলৈ সক্ষম হয়। ঘটনাটো অসম-নাগালেণ্ড সীমাৰ হালুৱাটিঙৰ। ঘটনাৰ বিৱৰণী মতে যোৰহাট জিলাৰ নকচাৰীৰ তিৰুৱাল গাৱঁৰ নিৱাসী ব্যৱসায়ী ঘনশ্যাম মিশ্ৰই কালি তেওঁক অপহৰণ কৰা নাগা বিদ্ৰোহীৰ কবলৰ পৰা পলাই আহি শিৱসাগৰ জিলাৰ হালুৱাটিং আৰক্ষী থানাত উপস্থিত হয়হি। জানিব পৰা মতে মিশ্ৰই অসম-নাগালেণ্ডৰ সীমাত এটা ভাৰাঘৰত বাস কৰিছিল। যোৱা ২৮ নৱেম্বৰত ৰাতি প্ৰায় ৯.৩০ বজাত তেওঁক নাগালেণ্ডলৈ গৈ থকা অৱস্থাতে তুলি পেপাৰ মিলৰ ওচৰৰ পৰা সশস্ত্ৰ নাগা বিদ্ৰোহীৰ এটা দলে অপহৰণ কৰিছিল। তাৰ পিছত তেওঁক এটা পৰিয়ালত ৰখা হৈছিল আৰু েএক লাখ টকাৰ মুক্তিপণ দাবী কৰিছিল। তেওঁ যেতিয়া জনালে যে তেওঁৰ তেওঁলোকৰ দাবী পূৰণ কৰাৰ সামৰ্থ্য নাই, তেতিয়া বিদ্ৰোহীসকলে তেওঁক প্ৰহাৰ কৰে। তেওঁলোকে তেওঁক মাৰি পেলাব বুলিও ভাবুকি দিয়ে। কিন্তু আশ্চৰ্য্যকৰভাৱে নৱেম্বৰৰ ২৯ তাৰিখে নিশা আন্ধাৰৰ সুযোগ লৈ তেওঁ নাগা বিদ্ৰোহীসকলৰ কবলৰ পৰা পলাই আহিবলৈ সক্ষম হয়। অৱশ্যে তেওঁ তেওঁৰ As-03-L-6677 নম্বৰৰ মটৰচাইকেলখন আৰু দুটা ম’বাইল ফোন এৰি থৈ আহিব লগীয়া হয়।