নাগৰিকত্ব বিধেয়কক লৈ সংকটত চৰকাৰ; সমাধান সূত্ৰ বিচাৰি তৎপৰ আৰএছএছ

RSS army school: RSS to start its own army school

প্ৰতিনিধিত্বমূলক চিত্ৰ।

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যৰ সকলো প্ৰান্তৰে দল-সংগঠনৰ প্ৰতিবাদত সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰখন শলঠেকত পৰা পৰিলক্ষিত হৈছে। বিধেয়কখনক লৈ বিজেপিৰ ভিতৰচ’ৰাত সৃষ্টি হৈছে খলকনি। কেন্দ্ৰীয় চৰকাৰে বিধেয়কখনৰ জৰিয়তে হিন্দু বাংলাদেশী অসমত জাপি দিয়াৰ যি ষড়যন্ত্ৰ ৰচিছে তাৰ বাবে এতিয়া কিছুমানে আক্ৰমণৰ লক্ষ্য হৈ পৰিছে ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘ চমুকৈ আৰএছএছ ।

বিধেয়কখনে সৃষ্টি কৰা সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ ইতিমধ্যে তৎপৰ হৈ পৰিছে বিজেপি আৰু আৰএছএছ। সেয়ে ইয়াৰ সমাধান বিছাৰি বিষয়টো সন্দৰ্ভত আলোচনা কৰিবলৈ আৰএছেএছে আহ্বান কৰিছে অসম প্ৰান্তৰ বৈঠক।

উল্লেখ্য যে দুদিনীয়াকৈ অনুষ্ঠিত হ’বলগীয়া এই বৈঠকখনতে নাগৰিকত্ব সংশোধনী বিধেয়ক, সোণোৱাল চৰকাৰৰ দুবছৰীয়া কাৰ্যকালৰ ওপৰত পুংখানুপুংখভাৱে আলোচনা কৰিব।

নাগৰিকত্ব বিধেয়কখনৰ জৰিয়তে হিন্দু বাংলাদেশীক সংস্থাপনৰ পক্ষত থকা আৰএছএছে অসমৰ শেহতীয়া পৰিস্থিতিত চিন্তিত হৈ পৰিছে। বিধেয়কখন আইনত পৰিণত হ’লে ব্ৰহ্মপুত্ৰ উপত্যকাত বিজেপিৰ ভেটি থৰকবৰক হোৱাৰ আশংকাত চিন্তিত সংঘ পৰিবাৰ। সেয়ে এই সমগ্ৰ বিষয় চালি জাৰি চাই আৰএছএছে এই বৈঠকতে সমাধান সূত্ৰ উলিওৱাৰ চেষ্টা কৰিব বুলি জানিব পৰা গৈছে।

ইফালে, জানিব পৰা মতে এন আৰ চিৰ উন্নীতকৰণ প্ৰক্ৰিয়াক লৈও সন্তুষ্ট নহয় আৰএছএছ। খচৰা তালিকাত হাজাৰ হাজাৰ চিনাক্ত বিদেশীসহ বাংলাদেশী মুছলমানৰ নাম অন্তৰ্ভূক্ত হোৱাত সংঘই তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে।

নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ক লৈ সৃষ্টি হোৱা ৰাজ্যজুৰি ব্যাপক গণ আন্দোলন, সোণোৱাল চৰকাৰৰ কাম-কাজক লৈ ৰাইজৰ ক্ষোভ-অসন্তুষ্টি, এন আৰ চিক লৈ সৃষ্টি হোৱা নানা বিসংগতি আদিয়ে দেখা দিয়াৰ সময়তে আৰএছএছ প্ৰান্তৰ বৈঠকখনে স্বাভাৱিকতে অসমৰ ৰাজনীতিত বিশেষ প্ৰভাৱ পেলোৱাৰ আশংকা প্ৰকাশ কৰিছে সচেতনমহলে।