নাগৰিকত্ব বিধেয়কৰ স্পষ্ট বিৰোধিতা কংগ্ৰেছৰ, বৰাক-ব্ৰহ্মপুত্ৰৰ নেতাৰ উপস্থিতিত দিল্লীত সিদ্ধান্ত

কংগ্ৰেছে নাগৰিকত্ব সংশোধন বিধেয়ক ( Citizenship Amendment Bill )ৰ স্পষ্ট বিৰোধিতা কৰিছে। বিধেয়কখনক লৈ অসম প্ৰদেশ কংগ্ৰেছৰ বৰাক আৰু ব্ৰহ্মপুত্ৰ উপত্যকাৰ মাজত বিভাজনৰ অৱসান ঘটাই দুয়োটা উপত্যকাৰ কংগ্ৰেছ নেতাই আজি ১৫ মে’ত নতুন দিল্লীত এই কথা ঘোষণা কৰে।

নতুন দিল্লীৰ কংগ্ৰেছ মুখ্য কাৰ্য্যালয়ত অনুষ্ঠিত বৈঠকৰ অন্তত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই নৰ্থ ইষ্ট নাও-ক জনাই যে ‘১৯৮৫ চনৰ অসম চুক্তিৰ আধাৰত হিন্দুৱে হওক বা মুছলমানেই হওক সকলো নাগৰিকক সুৰক্ষা দিবলৈ কংগ্ৰেছ দল প্ৰতিজ্ঞাবদ্ধ।’

কংগ্ৰেছৰ সৰ্বভাৰতীয় সাধাৰণ সম্পাদক তথা অসমৰ দায়িত্বত থকা চি পি যোশীৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকখনত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ লগতে অসমৰ কংগ্ৰেছ বিধায়িনী দলৰ নেতা দেৱব্ৰত শইকীয়া, সাংসদ সুস্মিতা দেব আৰু গৌৰৱ গগৈ আৰু বৰাকৰ বিধায়ক চিদ্দিক আহমেদ আৰু কমলাক্ষ দে পুৰকায়স্থও উপস্থিত আছিল।

বিধেয়কখনক ‘সংবিধানবিৰোধী’ আৰু কংগ্ৰেছ দলে ইয়াৰ সৰ্বাত্মক বিৰোধিতা কৰা বুলি উল্লেখ কৰি বৰাই কয় যে ‘নাগৰিকত্ব বিধেয়কক লৈ বৰাক আৰু ব্ৰহ্মপুত্ৰ উপত্যকাৰ কংগ্ৰেছৰ মাজত কোনো বিভাজন নাই।’

‘ঐতিহাসিক অসম চুক্তিৰ আধাৰত জাতি-বৰ্ণ-ধৰ্ম নিৰ্বিশেষে সকলো সম্প্ৰদায়ৰে সুৰক্ষাৰ বাবে কংগ্ৰেছ দল সংকল্পবদ্ধ’ বুলি কংগ্ৰেছৰ বিবৃতিত কোৱা হৈছে।

আনহাতে এন আৰ চিৰ পৰা কোনো বৈধ ভাৰতীয়ৰ নাম যাতে বাদ নপৰে তাৰবাবে কংগ্ৰেছ দলে ব্যৱস্থা গ্ৰহণ কৰিব বুলিও বৈঠকত সিদ্ধান্ত লোৱা হয়।