• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত বিহালীত বিশাল গণ সমাৱেশ

কাজি জেইদুল ইছলাম by কাজি জেইদুল ইছলাম
July 5, 2018 10:59 pm
citizenship amendment bill

প্ৰতিনিধিত্বমূলক ছবি

119
VIEWS
Share on FacebookShare on Twitter

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ৰ বিৰুদ্ধে ৰাজ্যৰ সৰ্বত্ৰে বিভিন্ন দল সংগঠনৰ প্ৰতিবাদ অব্যাহত থকাৰ সময়তে আজি বিহালীত বিধেয়কখন বাতিলৰ দাবীত এক বিশাল গণ সমাৱেশ অনুষ্ঠিত হয়।

কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বিশ্বনাথ জিলা সমিতিৰ আহ্বানত তথা আদিবাসী ছাত্ৰ সন্থা, টাই আহোম যুৱ পৰিষদ, সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, অনুসূচিত জাতি ছাত্ৰ সন্থা, চাহ জনজাতীয় মহাসভা, নাৰী মুক্তি সংগ্ৰাম সমিতিৰ সহযোগত অনুষ্ঠিত উক্ত গণ সমাৱেশত বিহালীবাসী ৰাইজে অংশ গ্ৰহণ কৰে।

সভাত কৃষক নেতা অখিল গগৈয়ে কয়, ‘১৯১৫ চনতে উচ্চাৰিত হৈছিল জয় আই অসম ধ্বনি সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ কন্ঠত। মই এজন দুবাহুত শক্তি থকা নিভাজ অসমীয়া। মোৰ অসমীয়া জাতিসত্বাক ধ্বংস কৰিব বিচৰাজনক মই দলিয়াই দিবলৈও কুন্ঠাবোধ নকৰিম।’

তেওঁ আৰু কয় যে ২০১৪ চনত নৰেন্দ্ৰ মোদীয়ে শাসনলৈ আহিলে অসমত থকা বিদেশী নাগৰিকে টালি টোপোলা বান্ধিব লাগিব বুলি কোৱাৰ বিপৰীতে বাস্তৱত বিজেপিয়ে নাগৰিকত্ব সংশোধনী বিধেয়ক বলৱৎ কৰি প্ৰায় ২ কোটি বিদেশীক ৰঙা দলিচা পাৰি দিয়াৰ পৰিকল্পনা ৰচিছে।

আনহাতে বৰ্তমান অসমত প্ৰায় ২৮ শতাংশ মানুহ ভূমিহীন আৰু প্ৰায় ৩২ শতাংশ লোকৰ ৩ বিঘাৰ তলত ভূমি আছে বুলি উল্লেখ কৰি ভূমিহীন লোকক ভূমি দিয়াৰ পৰিৱৰ্তে বিদেশীক সংস্থাপিত কৰিব বিচাৰা কাৰ্যক কঠোৰ ভাষাৰে সমালোচনা কৰে জাতীয় সংগঠনৰ নেতৃত্বই।

দিগন্ত শইকীয়াই আঁত ধৰা আৰু কমলজিৎ দত্তই সভাপতিত্ব কৰা সভাখনত অখিল গগৈৰ উপৰি গায়ক মহেন্দ্ৰ হাজৰিকা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সম্পাদক সৌৰভ দাস, অনুসূচিত জাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সম্পাদক পৰমানন্দ দাসৰ লগতে আন কেইবা গৰাকী নেতা উপস্থিত আছিল।

অনুসূচিত জাতি ছাত্ৰ সন্থাৰ নেতা পৰমানন্দ দাসে বৰ্তমান অসমীয়া জাতিটো মহাভাৰতৰ যুদ্ধৰ সপ্তৰথীৰ মাজত এতিয়া অভিমন্যুৰ দৰে হৈ পৰিছে বুলি মন্তব্য কৰি নৰেন্দ্ৰ মোদী, হিমন্ত বিশ্ব শৰ্মা, সৰ্বানন্দ সোণোৱাল, শিলাদিত্য দেৱ, ৰাজেন গোঁহাই, অমিত শ্বাহক সপ্তৰথী আখ্যা দিয়ে।

Recent News

৩০ বছৰৰ পাছত কাশ্মীৰ হ্ৰদত ফুলিল পংকজ, আৱেগিক হৈ পৰিল কৃষক

৩০ বছৰৰ পাছত কাশ্মীৰ হ্ৰদত ফুলিল পংকজ, আৱেগিক হৈ পৰিল কৃষক

লিভ ইন সম্পৰ্কৰ হৃদয়বিদাৰক পৰিণতি! আত্মহনন যুৱকৰ, সংকটজনক অৱস্থাত যুৱতী

লিভ ইন সম্পৰ্কৰ হৃদয়বিদাৰক পৰিণতি! আত্মহনন যুৱকৰ, সংকটজনক অৱস্থাত যুৱতী

বেটিং এপ গোচৰ: ২৯ গৰাকী তাৰকাৰ বিৰুদ্ধে গোচৰ দাখিল কৰিলে ইডিয়ে

বেটিং এপ গোচৰ: ২৯ গৰাকী তাৰকাৰ বিৰুদ্ধে গোচৰ দাখিল কৰিলে ইডিয়ে

কবি অনুভৱ তুলসী শ্ৰদ্ধাৰ্ঘ্য সভা সম্পন্ন

কবি অনুভৱ তুলসী শ্ৰদ্ধাৰ্ঘ্য সভা সম্পন্ন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd