নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যজুৰি বিভিন্ন দল-সংগঠনে প্ৰতিবাদ অব্যাহত ৰখাৰ সময়তে আজি ৰঙিয়াতো নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে স্থানীয় লোক তথা দল-সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰে।
উল্লেখযোগ্য যে ৰঙিয়াৰ তুলসীবাৰীত বৈদ্যগড় আঞ্চলিক ছাত্র সন্থাৰ উদ্যোগত জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে স্থানীয় সকলো ৰাইজ ঐক্যবদ্ধ হৈ ৰঙিয়াৰ ৰাজপথত নাগৰিকত্ব সংশোধনী বিধয়েকখনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।
প্ৰতিবাদকাৰীসকলে গণ বিক্ষোভ কাৰ্যসূচীৰে বৈদ্যগড় আঞ্চলিক ছাত্র সন্থাৰ কাৰ্যালয়ৰ পৰা ভাৰত ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথেৰে প্ৰতিবাদী সমদল বাহিৰ কৰি ‘কেন্দ্ৰীয় চৰকাৰ মুৰ্দাবাদ, ৰাজ্য চৰকাৰ মুৰ্দাবাদ, জাতীয় নায়ক মুর্দাবাদ, নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ বাতিল কৰক’ আদি প্ৰতিবাদী শ্ল’গানেৰে সমগ্ৰ ৰঙিয়াৰ ৰাজপথ উত্তাল কৰি তোলে।
আনহাতে একেদিনাই অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদেও নাগৰিকত্ব সংশোধনী বিধেয়কখন বাতিলৰ দাবীত এক বিশাল গণ সমদল বাহিৰ কৰে। ৰঙিয়া নগৰৰ মূল পথেৰে বিভিন্ন দল-সংগঠনৰ লগতে সহস্ৰাধিক লোকৰ অংশ গ্ৰহণেৰে বাহিৰ কৰা প্ৰতিবাদী সমদলটোৱে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰে।
প্ৰতিবাদকাৰী সকলে ‘নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক, কেন্দ্ৰ চৰকাৰ মুর্দাবাদ, ৰাজ্য চৰকাৰ হায় হায়, নাগৰিকত্ব সংশোধনী বিধেয়কৰ জৰিয়তে কেন্দ্ৰ চৰকাৰে হিন্দু বাংলাদেশীক সংস্থাপন কৰিব বিচৰা কার্যক কেতিয়াও মানি লোৱা নহ’ব, ধৰ্ম ভিত্তিত নাগৰিকত্ব প্ৰদান কৰা কেতিয়াও মানি লোৱা নহ’ব, নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে আন্দোলন আৰম্ভ হৈছে আৰু এই আইন বাতিল নকৰালৈকে আন্দোলন অব্যহত থাকিব’ আদি প্ৰতিবাদী ধ্বনিৰে ৰঙিয়াৰ আকাশ-বতাহ মুখৰিত কৰি তোলে।