নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত সৰৱ নাগালেণ্ড ট্ৰাইবছ কাউন্সিল

ATTACHMENT

প্ৰতিনিধিত্বমূলক চিত্ৰ

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত অসমৰ লগতে উত্তৰ- পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যত চলি থকা তুমুল প্ৰতিবাদলৈ পূৰ্ণ সমৰ্থন জনাইছে নাগালেণ্ড ট্ৰাইবছ কাউন্সিলে।

উক্ত বিধেয়কখনৰ বাবে সমগ্ৰ উত্তৰ- পূৰ্বাঞ্চলৰ খিলঞ্জীয়া লোকসকললৈ নামি আহিব পৰা ভয়াৱহ সংকটৰ কথা চিন্তা কৰিয়েই পাহাৰীয়া ৰাজ্যখনৰ সংগঠনটোৱে তেওঁলোকৰ সংবাদ কোষৰ জৰিয়তে বিধেয়কখন বাতিল কৰিবলৈ আহ্বান জনাইছে।

আনহাতে বহু বিতৰ্কিত বিধেয়কখন বাতিল কৰাৰ বাবে মেঘালয় কেবিনেটে গ্ৰহণ কৰা সিদ্ধান্তক আদৰণি জনাই  নাগালেণ্ড ট্ৰাইবছ কাউন্সিলে নাগালেণ্ড চৰকাৰকো অনুৰূপ সিদ্ধান্ত গ্ৰহণ কৰাৰ বাবে আহ্বান জনাইছে।

উল্লেখযোগ্য যে নাগালেণ্ড ট্ৰাইবছ কাউন্সিলে বিতৰ্কিত বিধেয়কখনক উদ্দেশ্যপ্ৰণোদিত তথা সাম্প্ৰদায়িক বুলি আখ্যা দি ইয়াৰ ফলত ভাৰতীয় বহুত্ববাদী সংস্কৃতি আৰু ধৰ্মনিৰপেক্ষতাত কুঠাৰাঘাত হ’ব বুলি ক্ষোভ প্ৰকাশ কৰে।নাগালেণ্ড ট্ৰাইবছ কাউন্সিলে লগতে কয় যে বহু পূৰ্বৰে পৰা অসমৰ দৰে ৰাজ্যত অবৈধ বাংলাদেশীয়ে ঘাটি পাতি আছে। সেয়েহে পুনৰ এই বিতৰ্কিত বিধেয়কখন জাপি দিয়াৰ অৰ্থ হ’ব খিলঞ্জীয়াৰ অস্তিত্ব বিপদাপন্ন কৰি তোলা।

সংগঠনটোৱে লগতে অসমত বিশেষকৈ সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত হোৱা প্ৰতিবাদক সমৰ্থন জনাই উত্তৰ- পূৰ্বাঞ্চলৰ সকলো খিলঞ্জীয়া দল- সংগঠনক এইক্ষেত্ৰত একেটা মেৰুত অৱস্থান গ্ৰহণ কৰাৰ বাবে আগবাঢ়ি আহিবলৈ আহ্বান জনায়।