নাগৰিকত্ব সংশোধনী বিধেয়ক : অসম ভ্ৰমণলৈ আহিব সংসদীয় সমিতিৰ দল

Citizenship-Amendment-Bill-2016-570x320

নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ সন্দৰ্ভত অসমত তীব্ৰ বিৰোধ আৰু প্ৰতিবাদ সাব্যস্ত হৈ থকাৰ সময়তে  অসমলৈ অহাৰ সম্ভাৱনা আছে যুটীয়া সংসদীয় সমিতিৰ দল । সংসদত চূড়ান্ত প্ৰতিবেদন দাখিল কৰাৰ পূৰ্বে অসম তথা উত্তৰ-পূবৰ আন ৰাজ্যসমূহ ভ্ৰমণ কৰিব বুলি বৃহস্পতিবাৰে সদৰী কৰে সমিতিৰ অধ্যক্ষ ৰাজেন্দ্ৰ আগৰৱালাই।

উল্লেখ্য যে ১২ এপ্ৰিলত নতুন দিল্লীত বিভিন্ন দল-সংগঠনৰ সৈতে সমিতিয়ে এক আলোচনাত মিলিত হ’ব। আৰু এই আলোচনাতে অধ্যক্ষগৰাকীয়ে সকলো সংগঠনকে বিধেয়ক সম্পৰ্কে নিজৰ বক্তব্য দাঙি ধৰিবলৈ আহ্বান জনায়।

সূত্ৰ অনুসৰি ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ কেইবাটাও দল-সংগঠনক উক্ত আলোচনালৈ আমন্ত্ৰণ জনোৱা হোৱা বুলি জানিব পৰা গৈছে।

এই সম্পৰ্কত আগৰৱালাই কয় যে সাম্প্ৰতিক পৰিস্থিতৰ বুজ ল’বলৈ তেওঁ অসম ভ্ৰমণলৈ আহিবলৈ দায়বদ্ধ।

আনহাতে সমিতিৰ আন এগৰাকী সদস্যই প্ৰকাশ কৰিছে যে অসমৰ কেইবাগৰাকী সাংসদ তথা নেতাই অসমৰ জনসাধাৰণৰ মনৰ ভাবৰ বুজ ল’বলৈ সমিতিক অসম ভ্ৰমণ কৰিবলৈ হেঁচা প্ৰয়োগ কৰি আহিছিল। কিন্তু এতিয়ালৈ সমিতিৰ অধ্যক্ষই এই ভ্ৰমণৰ সূচী সন্দৰ্ভত কোনো তথ্য প্ৰকাশ কৰা নাই।

উল্লেখ্য যে পূৰ্বৰ কাৰ্যসূচী অনুসৰি, সমিতিয়ে অসম, উৰিষ্যা আৰু পশ্চিমবংগ ভ্ৰমণৰ কথা আছিল। আনহাতে উচ্চতম ন্যায়ালয়ৰ সাংবিধানিক বিচাৰপীঠত থকা লেখ আবেদন সন্দৰ্ভত পূৰ্বৰ বৈঠকত আইনী মতামত গ্ৰহণৰ সিদ্ধান্ত লৈছিল সমিতিয়ে।