নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে কাইলৈৰ পৰা কৃষক মুক্তিৰ গণ সচেতনতা অভিযান

WhatsApp

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ক লৈ সমগ্ৰ ৰাজ্যজুৰি প্ৰতিবাদ- বিক্ষোভৰ জুই জ্বলি থকাৰ মাজতে কাইলৈৰ পৰা  কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে এই বিতৰ্কিত বিধেয়কখনৰ বিৰুদ্ধে আৰম্ভ কৰিব গণ সচেতনতা অভিযান।

আজি এই সন্দৰ্ভত এক সংবাদ মেলৰ আয়োজন কৰি কৃষক নেতা গৰাকীয়ে কয়— ‘অসম আন্দোলনৰ সময়ত বুকৰ তেজেৰে ‘তেজ দিম তেল নিদিওঁ’ বুলি লিখি প্ৰতিবাদ সাব্যস্ত কৰা দুলাল শৰ্মাৰ চানমাৰিৰ স্মৃতি স্তম্ভত পুৱা ৮ বজাত সংকল্প লৈ এই গণ সচেতনতা অভিযানৰ আৰম্ভ কৰা হ’ব। পৰৱৰ্তী সময়ত ৮.৩০ বজাৰ পৰা বেলতলা বজাৰত ৰাইজৰ মাজত বিতৰণ কৰা হ’ব প্ৰচাৰ পত্ৰ।নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰূদ্ধে এই প্ৰচাৰ পত্ৰ দুখীয়া শ্ৰমিকৰ পৰা ধনী মানুহজনলৈ অৰ্থাৎ সমাজৰ সৰ্বস্তৰৰ লোকক দিয়া হ’ব’।

আনহাতে বিতৰ্কিত বিধেয়কখনৰ বিৰুদ্ধে সমগ্ৰ অসমবাসীক ঐক্যবদ্ধ কৰিব বুলি প্ৰকাশ কৰি কৃষক নেতাগৰাকীয়ে নিজকে অসমীয়া বুলি ভবা প্ৰতিজন লোককে এই বিধেয়কৰ বিৰোধিতা কৰাৰ আহ্বান জনায়।

উল্লেখযোগ্য যে প্ৰথমিক পৰ্যায়ত এই গণ সচেতনতা অভিযান মহানগৰীত আৰম্ভ কৰি পৰৱৰ্তী সময়ত ৰাজ্যৰ ছখন চহৰ ক্ৰমে শিৱসাগৰ, যোৰহাট, ডিব্ৰুগড়, নগাঁও, তেজপুৰ আৰু বৰপেটাত বিশাল সমাৱেশ অনুষ্ঠিত কৰি কৰা হ’ব বুলিও প্ৰকাশ কৰে অখিল গগৈয়ে।

সংবাদ মেলখনত অখিল গগৈয়ে লগতে কয় যে আন্দোলনৰ কাৰ্যসূচী হিচাপে গুৱাহাটীত এক লাখকৈ লোকৰ উপস্থিতিত দুখনকৈ বিশাল সভা অনুষ্ঠিত কৰি বিধেয়কখনৰ বিৰোধিতা কৰিব কৃষক মুক্তিয়ে। এই প্ৰসংগতে তেওঁ  JPCৰ পৰ‍ৱৰ্তী শুনানিত ৰাজ্যৰ সকলো সংগঠনৰ জিলা, আঞ্চলিক শাখাক স্মাৰক পত্ৰ দিয়াৰ আহ্বান জনায়। আনহাতে ৰাজ্যখনৰ গাঁওসভা, মহিলা সমিতি, ক্লাব , সাংবাদিক সন্থা, নামঘৰ, মন্দিৰ, মছজিদ সমিতি সমূহক স্মাৰক পত্ৰ দিয়াৰ আহ্বান জনায় কৃষক নেতাগৰাকীয়ে।

প্ৰসংগক্ৰমে উল্লেখযোগ্য যে অখিল গগৈয়ে অসমৰ সকলো অসমীয়া মাধ্যমৰ বিদ্যালয়, জাতীয় বিদ্যালয়, শংকৰদেৱ শিশু নিকেতনক শোভাযাত্ৰা কৰি চৰকাৰক এই বিতৰ্কিত বিধেয়কখনৰ বিৰোধিতা কৰিবলৈ আহ্বান জনায়। তেওঁ লগতে শিল্পীসকলক মঞ্চত অনুষ্ঠান পৰিবেশনৰ সময়ত বিধেয়কৰ বিৰূদ্ধে প্ৰচাৰ কৰাৰ আহ্বান জনায়।

একেখন সংবাদ মেলত কৃষক নেতাগৰাকীয়ে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক তীব্ৰ কটাক্ষ কৰি কয় যে হিতেশ্বৰ শইকীয়াৰ বেয়া দিনৰ নিচিনা হৈছে বৰ্তমানৰ সোনোৱালৰ অৱস্থা।সেয়েহে সোনোৱালক এতিয়া ছাত্ৰ-ছাত্ৰীযে খেদিব ধৰিছে। তেওঁ লগতে

মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক ধিক্কাৰ দি অসম আন্দোলনৰ নেতাই এই  বিধেয়কৰ সমৰ্থনত কেনেকৈ কথা ক’ব পাৰে বুলি কৈ আশ্চৰ্য প্ৰকাশ কৰে।