নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে উমৈহতীয়া মঞ্চ গঠনৰ পদক্ষেপ অসম আন্দোলন সংগ্ৰামী মঞ্চৰ

assam movement

নাগৰিকত্ব সংশোধনী বিধেয়ক -২০১৬ৰ বিৰুদ্ধে ৰাজ্যত বিভিন্ন দল-সংগঠনৰ প্ৰতিবাদ অব্যাহত থকাৰ সময়তে এইবাৰ বিতৰ্কিত বিধেয়কখনৰ বিৰুদ্ধে উমৈহতীয়া মঞ্চ গঠন কৰিবলৈ পদক্ষেপ লৈছে অসম আন্দোলন সংগ্ৰামী মঞ্চই।

অসম আন্দোলনত জড়িত ব্যক্তি-সংগঠনক একত্ৰিত কৰি ৰাজ্যজুৰি বিধেয়কখনৰ বিৰুদ্ধে প্ৰবল জনমত গঢ়ি তুলিবলৈ অসম আন্দোলন সংগ্ৰামী মঞ্চই সোমবাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে।

গুৱাহাটীৰ এখন হোটেলত অনুষ্ঠিত হোৱা বৈঠকত প্ৰফুল্ল কুমাৰ মহন্ত, কুমাৰ দীপক দাসকে ধৰি ঐতিহাসিক অসম আন্দোলনত অংশগ্ৰহণকাৰী কেইবাজনো নেতা উপস্থিত আছিল।

অসম চুক্তি অসমীয়াৰ আয়ুস ৰেখা। হিন্দু বাংলাদেশীক নাগৰিকত্ব দিব খোজা প্ৰস্তাৱিত সংশোধনী বিধেয়কখন কেতিয়াও মানি লোৱা নহয়। এইদৰে অসম আন্দোলনৰ নেতাসকলে বৈঠকত দৃঢ় মত পোষণ কৰে।

আনহাতে ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ তথা অগপ নেতা কুমাৰ দীপক দাসে কয় যে অসমৰ বাবে এই বিধেয়কখন ক’লা বিধেয়ক।  এই বিধেয়কৰ বিৰোধিতাৰে অসম আন্দোলনত অংশ লোৱা নেতা-কৰ্মীক একত্ৰিত কৰি সংগ্ৰামী মঞ্চই ৰাজপথত আন্দোলন গঢ়ি তুলিব।