নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে গৃহ মন্ত্ৰীক লগ কৰিলে আছুৰ প্ৰতিনিধিয়ে

Aasu_HM

মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যৰ নেতৃত্বত যোৱা সদৌ অসম ছাত্ৰ সন্থাৰ এটা প্ৰতিনিধি দলে আজি নতুন দিল্লীত গৃহ মন্ত্ৰীক লগ কৰি বহু বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা প্ৰকাশ কৰে। ‘আমি গৃহ মন্ত্ৰীক ঐতিহাসিক অসম চুক্তিক সন্মান জনাবলৈ অনুৰোধ জনাইছোঁ আৰু যিসকল ১৯৭১ চনৰ ২৫ মাৰ্চ বা তাৰ পূৰ্বে অসমত সোমাইছিল কেৱল সেইসকলকহে ভাৰতীয় নাগৰিক হিচাপে জ্ঞান কৰিবলৈ অনুৰোধ জনাইছোঁ।’ মুখ্য উপদেষ্টা ভট্টাচাৰ্য্যই কয়।

আছুৰ প্ৰতিনিধি দলটোৱে কয় যে নাগৰিকত্ব সংশোধনী বিধেয়ক ৰাজ্যখনৰ জনসাধাৰণৰ স্বাৰ্থৰ পৰিপন্থী।

‘অসম চুক্তিখন বহুতো মানুহৰ আত্মবলিদানৰ বিনিময়ত স্বাক্ষৰিত হৈছে। এইখন এটা মৰ্য্যদাৰা প্ৰতীকস্বৰূপ। গতিকে সকলোৱে এইখন মানি চলা উচিত।’ ভট্টাচাৰ্য্যই কয়।

আনহাতে গৃহ মন্ত্ৰীৰ উদ্ধৃতিৰে ভট্টাচাৰ্য্যই কয় যে গৃহ মন্ত্ৰীজনে তেওঁলোকক এই বুলি প্ৰতিশ্ৰুতি দিয়ে যে নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত আলোচনা কৰিবলৈ অসমৰ মুখ্য মন্ত্ৰীৰ উপস্থিতিত এখন বৈঠক সোনকালেই অনুষ্ঠিত কৰা হ’ব।

উল্লেখযোগ্য যে গৃহ মন্ত্ৰীক লগ কৰাৰ সময়ত প্ৰতিনিধি দলটোত সমুজ্জ্বল ভট্টাচাৰ্য্যৰ লগতে আছুৰ লুৰিণজ্যোতি গগৈ আৰু দীপাংক নাথো আছিল।

এন আৰ চি সন্দৰ্ভত আপত্তিজনক মন্তব্য দিয়া পশ্চিম বংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জী সন্দৰ্ভতো আছুৰ নেতাজনে সমালোচনাত্মক মন্তব্য আগ বঢ়ায়। তেওঁ কয় যে মমতা বেনাৰ্জী এখন ৰাজ্যৰ মুখ্য মন্ত্ৰী। তেওঁ তেনেকুৱা সাম্প্ৰদায়িক মন্তব্য কৰা উচিত নহয়। কেৱল তেৱেঁ নহয়, কোনেও তেনেকুৱা মন্তব্য দিয়া উচিত নহয়।
উল্লেখযোগ্য যে তৃণমূল কংগ্ৰেছৰ নেত্ৰী তথা পশ্চিম বংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীয়ে এখন ৰাজহুৱা সভাত অসমত চলি থকা এন আৰ চি প্ৰক্ৰিয়াটো অসমৰ পৰা বঙালীসকলক খেদি পঠিওৱাৰ ষড়যন্ত্ৰ বুলি কৈছিল। ইয়াৰ সমান্তৰালভাৱে তৃণমূল কংগ্ৰেছৰ সাংসদসকলে সদনত অসমত এন আৰ চি প্ৰকাশৰ বিৰুদ্ধে ধৰ্ণা দিছিল।