নাগৰিকত্ব সংশোধনী বিধেয়ক প্ৰত্যাহাৰৰ দাবীত বটদ্ৰৱাৰ দলংঘাটত অগপৰ গণ স্বাক্ষৰ অভিযান

AGP Nagaon

বটদ্ৰৱাত অগপৰ গণ স্বাক্ষৰ অভিাযান । ফটো : নৰ্থইষ্ট নাও

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বিৰুদ্ধে ৰাজ্যজুৰি দল-সংগঠন, শিল্পী-সাহিত্যিককে ধৰি সৰ্বসাধাৰণ লোক প্ৰতিবাদ মুখৰ হৈ থকাৰ সময়তে বৃহস্পতিবাৰে অসম গণ পৰিষদ দলৰ বটদ্ৰৱা সমষ্টি সমিতিৰ উদ্যোগত দলংঘাটত ৰূপায়ণ কৰা হয় এক বিশাল গণ স্বাক্ষৰ কাৰ্যসূচী।

পুৱাৰে পৰা দলংঘাট বজাৰত আৰম্ভ হোৱা এই গণস্বাক্ষৰ সংগ্ৰহ কাৰ্যসূচীত অগপৰ কেইবা শতাধিক কৰ্মীৰ উপৰি জাতি-ধৰ্ম, বৰ্ণ নিৰ্বিশেষে বিভিন্ন শ্ৰেণীৰ সহস্ৰাধিক লোকে স্বত:স্ফুৰ্তভাৱে সহযোগ আগবঢ়াই খিলঞ্জীয়াৰ অস্তিত্ব বিপদাপন্ন কৰা বিধেয়কখন বাতিলৰ দাবীৰ প্ৰতি সৰ্মথন জনোৱাৰ লগতে নিজ নিজ স্বাক্ষৰ সমূহ প্ৰদান কৰে।

গণস্বাক্ষৰ অভিযান কাৰ্যসূচী ভাগ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰি বটদ্ৰৱা সমষ্টিৰ অগপ সভানেত্ৰী মামণি বৰাই কয়, “আমি অগপ দলৰ প্ৰতিজন কৰ্মীয়ে গাত এক বিন্দু তেজ থকালৈকে এই জাতি ধ্বংসী বিধেয়কখনৰ বিৰোধিতা কৰি যাম।” নেত্ৰী গৰাকীয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল সোণোৱালৰ বিৰুদ্ধে সৰব হৈ জাতীয় নায়কগৰাকীক জাতিৰ অস্তিত্বৰ প্ৰতি ভাবুকি অহাৰ সময়ত জাতীয় দায়বদ্ধতাৰে কাম কৰিবলৈ আহ্বান জনায়।

উল্লেখ্য যে, অহা ২৮ মে’লৈকে এই গণস্বাক্ষৰ অভিযান চলি থাকিব। নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে জনমত গঠনৰ প্ৰচেষ্টাৰে অসম গণ পৰিষদ দলে ৰাজ্যজুৰি গণ স্বাক্ষৰ অভিযান ৰূপায়ন কৰিছে।