নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত অৰুণাচলত প্ৰতিবাদ ছাত্ৰ সংগঠন আপছুৰ

AAPSU-protests-against-Citizenship-Amendment-Bill-questions-Pema-govt’s-silence-570x320

সোমবাৰে ইটানগৰৰ টেনিছ ক’ৰ্টত বহু বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ৰ বিৰোধিতাৰে সদৌ অৰুণাচল প্ৰদেশ ছাত্ৰ সন্থা চমুকৈ আপছুৰ নেতৃবৃন্দই এক অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰে প্ৰতিবাদ সাব্যস্ত কৰে।

ছাত্ৰ সংগঠনটোৰ নেতৃত্বত চলা ধৰ্মঘট কাৰ্যসূচীত ৰাজ্যখনৰ বিভিন্ন জিলাৰ দল-সংগঠন, ছাত্ৰ নেতাৰ লগতে ৰাজনীতিবিদে অংশ লয়।

অৱস্থান ধৰ্মঘট কাৰ্যসূচীত অংশ লোৱা শ শ প্ৰতিবাদকাৰীয়ে বহু বিতৰ্কৰ সূত্ৰপাত ঘটোৱা বিধেয়কখন অতি শীঘ্ৰে বাতিল কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰক দাবী জনায়।

আপছুৰ সাধাৰণ সম্পাদক তবম দাই বিধেয়কখনৰ তীব্ৰ বিৰোধিতা কৰি বিধেয়কখন ‘জনজাতি বিৰোধী আৰু উত্তৰ-পূব বিৰোধী’ আখ্যা দিয়ে। তেওঁ লগতে কয় যে যদিহে এই বিধেয়কখন গৃহীত হয় তেন্তে ৰাজ্য আৰু উত্তৰ-পূবৰ জনগাথনি সম্পূৰ্ণৰূপে বিধ্বস্ত কৰি পেলাব।

সাধাৰণ সম্পাদকগৰাকীয়ে কয় যে আপছুৱে এই বিধেয়কখনৰ বিৰোধিতা কৰি যুটীয়া সংসদীয় সমিতিক স্মাৰক পত্ৰ প্ৰদান কৰিছো। লগতে বিধেয়কখনৰ বিৰুদ্ধে মেঘালয় চৰকাৰে গ্ৰহণ কৰাৰ দৰে স্থিতি গ্ৰহণ কৰিবলৈ ৰাজ্যৰ মুখ্য মন্ত্ৰী পেমা খাণ্ডুক অনুৰোধ জনায়।

আনহাতে এই স্পৰ্শকাতৰ বিষয়টোত ৰাজ্য চৰকাৰে এতিয়ালৈ কিয় নিমাত বুলিও প্ৰশ্ন উত্থাপন কৰে ছাত্ৰ সংগঠনটোৱে।

নেছোৰ সমন্বয়ক প্ৰীতম ৱালি ছোনমে জানিবলৈ দি কয় যে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰে ছাত্ৰ সংগঠনৰ নেতৃত্বত গঠন হোৱা নেছোৱে এই বিধেয়কখন প্ৰসংগত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদিৰ লগতে সকলো কেন্দ্ৰীয় মন্ত্ৰীকে সাক্ষাত কৰিব।

ইফালে আপছুৰ প্ৰাক্তন সম্পাদক বিৰু নাছিয়ে এই বিধেয়কখনৰ বিৰোধিতা কৰি ৰাজ্যবাসীক মাৰবান্ধি থিয় হ’বলৈ আহ্বান জনায়।

প্ৰতিবাদকাৰীসকলক সম্বোধন কৰি আপছুৰ সভাপতি হাৱা বাগাঙে চাকমা আৰু হাজং শৰনাৰ্থীসকলক সংস্থাপিত কৰাৰ ক্ষেত্ৰত উৎসাহিত নকৰিবলৈ সকলো ৰাজ্যবাসীকে আহ্বান জনায়।

উল্লেখ্য যে আপছুৰ নেতৃত্বত অনুষ্ঠিত হোৱা অৱস্থান ধৰ্মঘট কাৰ্যসূচীত বিভিন্ন ৰাজনৈতিক দল, দল-সংগঠনৰ লগতে বিভিন্ন বেচৰকাৰী সংস্থাৰ প্ৰতিনিধিসকল উপস্থিত থাকে।