নাৰী নিৰ্যাতন ৰোধৰ সজাগতা সৃষ্টিক উদ্দেশ্য কৰি বৰপেটা বাইক ৰেলি

bike rally in barpeta

দেশত উদ্বেগজনকভাৱে বৃদ্ধি পোৱা নাৰী নিৰ্যাতন ৰোধ কৰাৰ বাবে ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে বৰপেটাত আজি এটা বাইক ৰেলী উলিওৱা হয়। ‘ৰ’ড লায়ন্স বাইকাৰ্চ গ্ৰুপ’ৰ উদ্যোগত আৰু ‘আপৰাইজিং য়ুথচ হেল্প অৰ্গেনাইজেশ্যন’ৰ সহযোগত উলিওৱা এই বাইক ৰেলি বৰপেটা আৱৰ্ত ভৱনৰ সন্মুখত থকা মিলেনিয়াম পাৰ্কৰ পৰা আৰম্ভ কৰা হয়।

বাইক ৰেলি আৰম্ভ হোৱাৰ পূৰ্বে এই ৰেলিৰ লক্ষ্য আৰু উদ্দেশ্য চমুকৈ ব্যাখ্যা আগ বঢ়ায় ‘ৰ’ড লায়ন্স বাইকাৰ্চ গ্ৰুপ’ৰ সভাপতি আৰু সম্পাদক ক্ৰমে জেহেৰুল ইছলাম আৰু নজৰুল ইছলামে। ৰেলিটোৰ শুভাৰম্ভ কৰে ‘আপৰাইজিং ইউথচ হেল্প অৰ্গেনাইজেচন’ৰ সভাপতি ৰিংকু আহমেদে।

ৰেলিটোত ভাগ লোৱা লোকসকলক ‘ষ্টাপ ৰেপিং’, ‘ছেভ দ্যা গাৰ্লছ’, ৰেপিষ্ট মাষ্ট হেঙিং’, বাল্য বিবাহ ৰোধ কৰক, নাৰীক সুৰক্ষা প্ৰদান কৰক, আদি বিভিন্ন প্লে-কাৰ্ড বহন কৰা দেখা গ’ল। বাইক ৰেলিৰ দলটোৱে বৰপেটা চহৰৰ পৰা যাত্ৰা আৰম্ভ কৰি কয়াকুছিহৈ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে বেঁকী দলঙলৈ গৈ পুনৰ বৰপেটা চহৰলৈ উভতি আহে। ৰেলিটোত প্ৰায় কুৰিগৰাকী যুৱকৰ লগতে দুগৰাকী যুৱতীয়েও অংশ গ্ৰহণ কৰে।

সম্পূৰ্ণ নিজৰ খৰচত উলিওৱা এই বাইক ৰেলিৰ উদ্যোক্তাসকলে জিলা প্ৰশাসন আৰু জিলা পৰিবহণ বিভাগৰ পৰা যি সহায় সহযোগ আশা কৰিছিল সেয়া নোপোৱাত সংবাদ মাধ্যমৰ আগত দুখ প্ৰকাশ কৰে।