নিজৰ শিক্ষাগত অৰ্হতাৰ বিষয়ত সাঙোৰ খাই পৰিছে জেলিয়াং

aa-Cover-57eem1aqk9tf0id6rf9a12rma4-20170205042604.Medi

নাগা পীপলছ ফ্ৰন্টৰ টিকটত  ৭নং পেৰেন বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া নাগালেণ্ডৰ মুখ্যমন্ত্ৰী টি আৰ জেলিয়াং তেওঁৰ শিক্ষাগত অৰ্হতাৰ বিতৰ্কত সাঙোৰ খাই পৰিছে।

পেৰেনৰ প্ৰাৰ্থীসকলৰ মনোনয়নসমূহ পৰীক্ষা কৰাৰ সময়ত এইটো পোহৰলৈ আহে যে জেলিয়াঙে তেওঁৰ মনোনয়ন দাখিল কৰা সময়ত গাঁঠি দিয়া শপতনামাত ঘোষণা কৰিছিল যে তেওঁ ১৯৭৯ চনত তেতিয়াৰ উত্তৰ পূব পাৰ্ৱত্য বিশ্ববিদ্যালয়ৰ অধীনৰ কোহিমা কলেজৰ পৰা স্নাতক পৰীক্ষাত অৱতীৰ্ণ হৈছিল কিন্তু অনুত্তীৰ্ণ হৈছিল।

একেটা সমষ্টিৰ পৰা এগৰাকী নিৰ্দলীয় হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিব বিচৰা তেওঁৰ বিৰোধী কেংইম কুলিম্বে এটা বিবৃতি প্ৰকাশ কৰি আঙুলিয়াই দিয়ে যে জেলিয়াঙে পূৰ্বতে নিৰ্বাচন আয়োগোকে ধৰি বহু ঠাইত দাখিল কৰা শপতনামাত তেওঁ কোহিমা কলেজৰ পৰা স্নাতক বুলি উল্লেখ কৰিছিল।

অৱশ্যে, আসন্ন বিধানসভাৰ নিৰ্বাচনৰ বাবে পেৰেন বিধানসভা সমষ্টিৰ বাবে ৰিটাৰ্ণিং বিষয়াৰ আগত দাখিল কৰা শেহতীয়া শপতনামাত তেওঁ স্বীকাৰ কৰিছে যে তেওঁ স্নাতক নহয়।

নিৰ্দলীয় বিধায়কগৰাকীয়ে এইবুলি উল্লেখ কৰিছে যে জেলিয়াঙে বৰ্তমান প্ৰকাশ কৰা স্থিতি তেওঁৰ পূৰ্বৰ ভুলৰ কোনো অনুতাপ নহয় কিন্তু ৰিটাৰ্ণিং বিষয়াই তেওঁৰ মনোনয়ন নাকচ কৰিব বুলি শংকিত হোৱাৰহে ফল।

তেওঁ কয় যে নাগালেণ্ডৰ জনসাধাৰণে সিদ্ধান্ত ল’ব যে তেওঁলোকে এনে এগৰাকী ব্যক্তিক ভোট দিবলৈ বিশ্বাস কৰিবনে যিগৰাকী ব্যক্তিয়ে তেওঁৰ শিক্ষাগত অৰ্হতাৰ মিছা তথ্য ভুৱা শপতনামা যোগে দাখিল কৰিব পাৰে।

ৰিটাৰ্ণিং বিষয়াক দাখিল কৰা আন এক অভিযোগত কুলিম্বে জেলিয়াঙৰ মনোনয়ন এই চৰ্তত নাকচ কৰাৰ দাবী কৰিছে যে তেওঁ নাগালেণ্ডৰ এগৰাকী থলুৱা বাসিন্দা হিচাপে যোগ্যতা অৰ্জন কৰা নাই।

৭নং পেৰেন বিধানসভা সমষ্টিটো নাগালেণ্ডৰ অনুসূচীত জনজাতিৰ বাবে সংৰক্ষিত বুলি উল্লেখ কৰি তেওঁ কয় যে মুখ্যমন্ত্ৰী গৰাকী ১৯৭৭ চনৰ ২৮ এপ্ৰিলত নাগালেণ্ড চৰকাৰে জাৰি কৰা নিৰ্দেশনা অনুসৰি ৰাজ্যখনৰ এগৰাকী থলুৱা বাসিন্দা নহয়। নিৰ্দেশনাটোত কোৱা হৈছিল যে ৰাজ্যখনৰ এগৰাকী থলুৱা বাসিন্দা হিচাপে যোগ্যতা অৰ্জন কৰিবলৈ হ’লে তেওঁ নাগালেণ্ড ৰাজ্য স্থাপন হোৱা ১৯৬৩ চনৰ ১ ডিচেম্বৰৰ আগতে নাগালেণ্ডত বসবাস কৰা হ’ব লাগিব।

ইয়াৰ মাজতে ৭নং পেৰেন বিধানসভা সমষ্টিৰ নেশ্যনেলিষ্ট ডেম’ক্ৰেটিক প্ৰগ্ৰেছিভ পাৰ্টিৰ সভাপতি ইটোৱাও একেই কাৰণতে জেলিয়াঙক অৰ্হতাহীন কৰাৰ দাবী তুলিছে।