নিপা ভাইৰাছ : বিজ্ঞানীৰ প্ৰতিবেদনক লৈ ধুবুৰীত চাঞ্চল্য

nipah_2

বৰ্তমান আতংকৰ সৃষ্টি কৰা নিপা ভাইৰাছক কেন্দ্ৰ কৰি ধুবুৰীত তীব্ৰ চাঞ্চল্যৰ সূচনা হৈছে। ইণ্ডিয়ান জাৰ্নেল অব মেডিকেল ৰিচাৰ্ছৰ অলপতে প্ৰকাশ পোৱা সংস্কৰণত নিপা ভাইৰাছৰ প্ৰাকৃতিক ভঁৰাল বুলি অসমৰ ধুবুৰীৰ নাম উল্লেখ কৰা হৈছে। এই প্ৰতিবেদন প্ৰকাশৰ পিছতে জিলাখনত আতংকৰ সৃষ্টি হৈছে।

পুনেৰ নেশ্যনেল ইনষ্টিটিউট অৱ ভাইৰ’লজীৰ বিজ্ঞানীসকলে তেওঁলোকৰ প্ৰতিবেদনত প্ৰকাশ কৰা তথ্য মতে অলপতে অসমৰ ধুবুৰী আৰু পশ্চিমবংগৰ বন বিভাগৰ অনুমতি মৰ্মে পুনেৰ বিজ্ঞানীসকলে ধুবুৰী আৰু পশ্চিম বংগৰ কোচবিহাৰ-জলপাইগুৰিৰ বিভিন্ন অঞ্চলৰ পৰা মুঠ ১০৭ টা ফলাহাৰী বাদুলী সংগ্ৰহ কৰি পৰীক্ষা কৰে।

ধুবুৰীৰ ৬০ টা, কোচবিহাৰৰ ৩৯ টা আৰু জলপাইগুৰিৰ ৮ টা বাদুলী সংগ্ৰহ কৰি পৰীক্ষা কৰাৰ পিছত ৯ টা বাদুলীৰ শৰীৰত নিপা ভাইৰাছৰ নমুনা লাভ কৰে বিজ্ঞানীসকলে।

ইণ্ডিয়ান জাৰ্নেল অব মেডিকেল ৰিচাৰ্ছৰ মাহেকীয়া সংস্কৰণত এই প্ৰতিবেদন প্ৰকাশ পোৱাৰ পিছত অসমৰ বিভিন্ন সংবাদ মাধ্যমত এই বাতৰি প্ৰাকশ পাইছে। ইয়াৰ পিছতেই ধুবুৰীত জনসাধাৰণৰ মাজত হাহাকাৰ অৱস্থা সৃষ্টি হোৱাৰ লগতে এক আতংকময় পৰিৱেশৰো সূচনা হয়।

আনহাতে, পুনেৰ নেশ্যনেল ইনষ্টিটিউট অব ভাইৰ’লজিৰ বিজ্ঞানীসকলে প্ৰকাশ কৰা প্ৰতিবেদন সম্পৰ্কত ধুবুৰী জিলাৰ বন বিভাগ তথা স্বাস্থ্য বিভাগৰ হাতত কোনো তথ্য নাই।

বন বিভাগৰ বিষয়াই জনোৱা মতে ২০১৫ চনৰ মাৰ্চ মাহত প্ৰথমবাৰৰ বাবে পুনেৰ নেশ্যনেল ইনষ্টিটিউট অব ভাইৰ’লজিৰ বিজ্ঞানীসকলে ধুবুৰীত বাহৰ পাতি জিলাখনৰ ধুবুৰী, ধৰ্মশালা আৰু পাগলাহাটৰ বিভিন্ন অঞ্চলৰ পৰা বাদুলী সংগ্ৰহ কৰি লেবেৰটৰীত পৰীক্ষা-নিৰীক্ষা কৰিছিল। সেইবাৰ পৰীক্ষাত তেনে ভাইৰাছৰ কোনো নমুনা পোৱা নাছিল বুলি বিজ্ঞানীসকলে বন বিভাগক জনাইছিল।

কিন্তু ইয়াৰ কিছুদিন পিছত ডিচেম্বৰ-জানুৱাৰী মাহত পুনৰ পূৰ্বৰ বিজ্ঞানীসকলৰ দল এটা ধুবুৰীত উপস্থিত হৈ পৰীক্ষা-নিৰীক্ষা চলাই উভতি যায়। নিপা ভাইৰাছৰ নমুনা লাভ কৰাৰ কোনো তথ্য তেওঁলোকে তেতিয়া প্ৰকাশ কৰা নাছিল।

সি যি কি নহওক, পুনেৰ নেশ্যনেল ইনষ্টিটিউট অৱ ভাইৰ’লজিৰ বিজ্ঞানীসকলে প্ৰকাশ কৰা প্ৰতিবেদনৰ বাতৰিয়ে ধুবুৰী জিলাত এক হাহাকাৰ অৱস্থাৰ সৃষ্টি কৰিছে আৰু মাৰাত্মক নিপা ভাইৰাছৰ আতংকৰ সূচনা হৈছে। চৰকাৰে এইক্ষেত্ৰত সজাগতা সৃষ্টি কৰাৰ লগতে সৰ্বসাধাৰণক আশ্বস্ত কৰাৰ প্ৰয়োজন আহি পৰিছে।