নিম্নতম সমৰ্থন মূল্যৰ অধীনত অন্তৰ্ভুক্ত হ’ল ২৩টা ক্ষুদ্ৰ বনজাত সামগ্ৰী

msp

জনজাতীয় লোকক তেওঁলোকৰ উৎপাদিত সামগ্ৰীৰ এটা যুক্তিপূৰ্ণ মূল্য প্ৰদান কৰাৰ বাবে ২০১৩-১৪ চনত ‘ক্ষুদ্ৰ বনজাত সামগ্ৰী আঁচনিৰ বাবে নিম্নতম সমৰ্থন মূল্য’ৰ (Minimum Support Price for Minor Forest Produce scheme) প্ৰৱৰ্তন কৰিছিল জনজাতি পৰিক্ৰমা মন্ত্ৰ্যালয়ে।

এই আঁচনিয়ে প্ৰথমতে ৯খন ৰাজ্যৰ ১০টা বনজাত সামগ্ৰী অন্তৰ্ভুক্ত কৰিছিল পৰৱৰ্তী সময়ত ভাৰতৰ আটাইকেইখন ৰাজ্যৰ মুঠ ২৪টা বনজাত সামগ্ৰীক সামৰি লৈছিল। ৰাজ্য চৰকাৰে নিয়োগ কৰা ৰাজ্য পৰ্যায়ৰ এজেঞ্চিৰ (এছ এল এ) মাজেৰে এই আঁচনিখন প্ৰয়োগ কৰা হৈছিল।  ৰাজ্য পৰ্যায়ৰ এজেঞ্চিসমূহক জনজাতি পৰিক্ৰমা মন্ত্ৰ্যালয়ে এটা পৰিক্ৰামী পূঁজি যোগান ধৰিছিল। ইয়াত হোৱা লোকচানৰ অংশখিনি কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ মাজত ৭৫:২৫ অনুপাতত ভাগ কৰা হৈছিল।

বৰ্তমান এই আঁচনিখনে ২৩টা ক্ষুদ্ৰ বনজাত সামগ্ৰীক সামৰি লোৱাৰ লগতে এই আঁচনিখন ভাৰতৰ সকলো ৰাজ্যতে প্ৰয়োগ কৰা হৈছে।

মাৰ্চৰ ২৩ তাৰিখে ৰাজ্যসভাত এই তথ্য অৱগত কৰিছে জনজাতি পৰিক্ৰমাৰ ৰাজ্যিক মন্ত্ৰী জছৱান্তসিন ভাভোৰে।

জনজাতি পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ অন্তৰ্গত ৰাষ্ট্ৰীয় অনুসূচিত জনজাতি বিত্ত আৰু বিকাশ নিগমে (নেশ্যনেল ছিডুৱেলড ট্ৰাইবছ ফাইনেন্স এণ্ড ডেভেলপমেণ্ট কৰ্প’ৰেশ্যন) জনজাতীয় লোকসকলৰ উপাৰ্জন বৃদ্ধি কৰোৱা কাম-কাজৰ বাবে ৰেহাই সূতৰ হাৰত আৰ্থিক সহায়তা আগবঢ়াইছিল। নিয়োজিত নোহোৱা আৰু নিয়োজি ক্ষেত্ৰতকৈ অধিক শিক্ষাগত যোগ্যতাসম্পন্ন জনজাতীয় যুৱক-যুৱতীসকলক স্বাৱলম্বী কৰি তোলাৰ বাবে ৰাষ্ট্ৰীয় অনুসূচিত জনজাতি বিত্ত আৰু বিকাশ নিগমে তলৰ কাৰ্যসূচীসমূহ ক্ৰহণ কৰিছে।

অৱধি ঋণ আঁচনি : ৰাষ্ট্ৰীয় অনুসূচিত জনজাতি বিত্ত আৰু বিকাশ নিগমে প্ৰতি গোটৰ যিকোনো উপাৰ্জন বৃদ্ধিৰ বাবে ২৫.০০ লাখ টকালৈকে ব্যয়সাপেক্ষ আচনিৰ বাবে ৯০ শতাংশলৈকে অৱধি ঋণৰ যোগান ধৰে। আঁচনিখনৰ ব্যয়ৰ ৯০ শতাংশলৈকে বিত্তীয় সহায়তা আগবঢ়োৱা হয় আৰু বাকীখিনি ৰাজসাহায্য বা বিনিয়োগকাৰীৰ অৱদান বা মাৰ্জিন ধন হিচাপে গ্ৰহণ কৰা হয়।

৫লাখ টকা পৰ্যন্ত সুতৰ হাৰ প্ৰতি বছৰ ৬ শতাংশ, ৫ৰ পৰা ১০ লাখ পৰ্যন্ত ৮ শতাংশ আৰি ১০ লাখৰ ওপৰত ১০ শতাংশ সুত ধাৰ্য কৰা হৈছে।

আদিৱাসী মহিলা সশক্তিকৰণ যোজনা (এ ভি এছ ৱাই) : এই আঁচনিৰ অন্তৰ্গত জনজাতি মহিলাই হাতত লোৱা যিকোনো উপাৰ্জনকাৰী কামৰ বাবে ১ লাখ টকা পৰ্যন্ত ব্যয় সাপেক্ষ আঁচনিৰ বাবে বছৰি ৪ শতাংশ সুতত ৯০ শতাংশলৈকে ঋণ প্ৰদান কৰা হয়।

আত্ম সহায়ক গোটৰ বাবে ক্ষুদ্ৰ ঋণ আঁচনি : নিগমে বছৰি ৬ শতাংশ সূতৰ হাৰত প্ৰতিজন সদস্যক ৫০,০০০ টকালৈকে আৰু প্ৰতিটো আত্ম সহায়ক গোটলৈকে ৫ লাখ টকালৈকে ঋণ আগবঢ়ায়।

আদিৱাসী শিক্ষা ঋণ যোজনা : এই আঁচনিৰ অন্তৰ্গত ডক্টৰেট, পেচাদাৰী আৰু কাৰিকৰী শিক্ষা গ্ৰহণ কৰিব বিচৰা  জনজাতি শিক্ষাৰ্থীসকললৈ বছৰি ৬ শতংশ ৰেহাই সূতৰ হাৰত ৫.০০ লাখ টকা পৰ্যন্ত বিত্তীয় সহায়তা আগবঢ়োৱা হয়।