এন আৰ চি উন্নীতকৰণৰ জটিলতা : বহিঃৰাজ্যলৈ প্ৰেৰণ কৰা ৫.৫ লাখ নথিৰ ঘূৰি আহিল মাথোঁ ১.৬ লাখহে

nrc in assam

এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াটোত জটিলতা তথা মন্থৰতা সৃষ্টি হোৱাৰ বহুকেইটা কাৰণৰ ভিতৰত এটা হ’ল বহিঃৰাজ্যলৈ তথা বহিৰ্দেশলৈ প্ৰেৰণ কৰা নথিবোৰ সঠিক সময়ত ঘূৰি নহাটো। সাংবাদিকৰ আগত প্ৰকাশ কৰা মন্তব্যত এই কথা জানিবলৈ দিয়ে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই। যোৱা ৩১ ডিচেম্বৰত মাজনিশা প্ৰথমখন খচৰা প্ৰকাশ কৰাৰ পিছত দ্বিতীয় তথা সম্পূৰ্ণ খচৰাখন প্ৰস্তুত কৰিবলৈ আগ বাঢ়ি এন আৰ চি কৰ্তৃপক্ষই সন্মুখীন হৈছে এই ডাঙৰ প্ৰত্যাহ্বানটোৰ।বিশেষকৈ নথি পৰীক্ষণক লৈ কেইখনমান ৰাজ্যৰ অৱহেলা ইমানেই বেছি যে এন আৰ চি কৰ্তৃপক্ষই বাৰে বাৰে এই সন্দৰ্ভত হতাশ হ’বলগীয়া হৈছে। দেশৰ মুঠ ২৮ খন ৰাজ্যলৈ পৰীক্ষণৰ বাবে প্ৰেৰণ কৰা হৈছিল মুঠ ৫.৫ লাখখন নথি। ইয়াৰে পৰীক্ষণ হৈ ঘূৰি আহিছে মাত্ৰ ১.৬ লাখহে। কৰ্তৃপক্ষই জনোৱা আন এটা তথ্য হ’ল  পশ্চিম বংগৰ পৰা পৰীক্ষণ কৰি নথি ওভতাই পঠোৱা কামটোত আটাইতকৈ বেছি অৱহেলা চকুত পৰিছে। এন আৰ চিৰ কৰ্তৃপক্ষই জনোৱা তথ্যবোৰ এনে ধৰণৰ:-  পশ্চিমবংগলৈ পৰীক্ষণৰ বাবে প্ৰেৰণ কৰা ১,১১,৪৮২ খন নথিৰ ঘূৰি আহিছে মাত্ৰ ৫,৮৫২খন; বিহাৰলৈ প্ৰেৰণ কৰা ৬৫,০০০ নথিৰ ঘূৰি আহিছে ৪,০০০; মেঘালয়লৈ প্ৰেৰণ কৰা ৭৫,০০০ নথিৰ ৬,০০০ খন; মিজোৰামৰ ৬,৫০০ ৰ ১,৫০০; ওড়িষ্যাৰ ১,০০০ৰ ২৫০; পাঞ্জাবৰ ১,৫০০ ৰ ৫০০; ছিকিমৰ ৫০০ ৰ ১,৫০; উত্তৰ প্ৰদেশৰ ২০,০০০ ৰ ২,৫০০; মহাৰাষ্ট্ৰৰ ৩,০০০ ৰ ৬০০; কৰ্ণাটকৰ ২,০০০ ৰ ৮০০।

আনহাতে তেওঁ জানিবলৈ দিয়ে যে বিশ্বৰ মুঠ ৩৭ খন দেশলৈ পৰীক্ষণৰ বাবে প্ৰেৰণ কৰা হৈছে ৪০২খন নথি। এই নথিসমূহৰ মাত্ৰ ৪৪ খনহে ঘূৰি আহিছে। এইবোৰ দেশৰ ভিতৰত আছে আমেৰিকা, নেপাল, সংযুক্ত আৰব এমিৰেট্‌ছ, ব্ৰিটেইন, ছৌডি আৰব, কুৱেইট, ছিংগাপুৰ, কানাডা, ম্যানমাৰ, বাংলাদেশ, মালয়েছিয়া, কাটাৰ, জাপান, পাকিস্থান, ভূটান আদি। এইবোৰৰ মাজৰো প্ৰায় ৯০ শতাংশ নথিয়েই ঘূৰি অহা নাই।