NORTHEAST NOW (Assamese)

নিৰ্বাচনী আৰ্হি আচৰণ বিধি উলংঘা কৰাৰ অপৰাধত অসমৰ মন্ত্ৰী পল্লৱলোচন দাসক ত্ৰিপুৰাত আটক

February 16, 2018 10:15 pm · এন ই নাও নিউজ
Updated: February 16, 2018 11:28 pm
আগৰতলাত অসমৰ শক্তি মন্ত্ৰী পল্লৱলোচন দাস।

আজি নিৰ্বাচনী প্ৰচাৰ অন্ত পৰা ত্ৰিপুৰাত অসমৰ শক্তি মন্ত্ৰী পল্লৱলোচন দাস আচম্বিতে আটক হোৱাৰ ঘটনাই ৰাজ্যখনৰ ৰাজনীতিত এক প্ৰকাৰৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। এটা সূত্ৰৰ পৰা জানিব পৰা গৈছে যে মন্ত্ৰীজনে নিৰ্বাচনী প্ৰচাৰৰ সময়সীমা পাৰ হোৱাৰ পিছতো প্ৰচাৰৰ কামত ব্যস্ত হৈ আছিল।

তেওঁ নিৰ্বাচনী আৰ্হি আচৰণ বিধি উলংঘা কৰা বুলি চি পি আই (এমে) নিৰ্বাচন আয়োগক অভিযোগ দিয়ে। ইয়াৰ পিছতে তেওঁক তৎপৰতাৰে আটক কৰা হয় বুলি সূত্ৰটোৱে জনাইছে। মন্ত্ৰীজনক গাণ্ডাচেৰা আৰক্ষীয়ে আটক কৰিছে ।

আনহাতে সূত্ৰটোৱে জনোৱামতে তেওঁৰ হাতত কেইবাটাও ডাঙৰ বেগ আছিল বুলিও অভিযোগত উল্লেখ আছে বুলি জনাইছে। লগতে তেওঁ উনাকুতি জিলাৰ এছ পিৰ নাম সম্বলিত ভুৱা পাছ যুক্ত এখন গাড়ী ব্যৱহাৰ কৰা বুলিও জানিবলৈ দিয়ে সূত্ৰটোৱে।

মন্ত্ৰীজনে ধলাই ৪৪ নং ৰাইমা ভেলি সমষ্টিত এই আৰ্হি আচৰণ বিধি ভংগৰ ঘটনা সংঘটিত কৰিছিল বুলি জানিব পৰা গৈছে। আইন ভংগৰ কাৰ্য্যৰ বাবে স্থানীয় ৰাইজে তেওঁক আবদ্ধ কৰি ৰাখিছিল, য’ৰ পৰা আৰক্ষীয়ে তেওঁক আটক কৰে আৰু পিছত আগৰতলালৈ লৈ আনে।

অসমৰ মন্ত্ৰী এজনৰ এনে কাৰ্য্যই স্বাভাৱিকতে সচেতন ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

পিছৰ সংযোজন, গুৱাহাটী :

নৰ্থ-ইষ্ট নাওৰ গুৱাহাটীৰ কাৰ্য্যালয়ৰ পৰা ৰাতি প্ৰায় ১১ বজাত মন্ত্ৰীজনক যোগাযোগ কৰাত তেওঁ এই অভিযোগ অস্বীকাৰ কৰে। লগতে তেওঁ কয় যে তেওঁ গাণ্ডাচেৰাৰ পৰা ৪ বজাৰ পিছত আগৰতলালৈ আহিবলৈ অসুবিধা বাবে ৰৈ গৈছিল, যিটো আইনমতে কৰিব নালাগিছিল। এই পথত দুখন জংঘল থকা বাবে পিছত তেওঁক আৰক্ষীয়ে আগৰতলালৈ এছকৰ্ট দি লৈ আহে। আজি ৰাতিটো আগৰতলাত থাকি কাইলৈ পুৱা তেওঁ অসম অহাৰ কথা।

আনহাতে আজি ত্ৰিপুৰাৰ ৰাজপৰিয়ালৰ প্ৰতিনিধি প্ৰদ্যোত কিশোৰ  মাণিক্যই নিজৰ টুইটাৰত কয় যে বিজেপিৰ অসমৰ মন্ত্ৰী পল্লৱলোচন দাসক ছুইটকেইছ আৰু ভুৱা পাছৰ সৈতে গাণ্ডাচেৰাত আটক কৰা হয়। ‘মই নিশ্চিত যে তেওঁ পৰ্য্যটক হিচাপে ফুৰিবলৈ অহা নাই।’ বুলি তেওঁ তাৎপৰ্য্যপূৰ্ণ মন্তব্য কৰে নিজৰ টুইটত।

Related News