নিৰ্বাচনৰ পূৰ্বে আঁতৰাওক মেঘালয়ৰ আৰক্ষী সঞ্চালক প্ৰধানক : বিজেপি

eci

মেঘালয়ৰ আৰক্ষী সঞ্চালকপ্ৰধান এচ বি সিঙক তৎকালে পদবীৰ পৰা আঁতৰ কৰাৰ দাবীত বিজেপিৰ ৫ জনীয়া প্ৰতিনিধি দল এটাই আজি নতুন দিল্লীত মুখ্য নিৰ্বাচন আয়ুক্তক লগ ধৰে।

দলটোৱে লগতে মুখ্য মন্ত্ৰী মুকুল চাংমাৰ সমষ্টিত মুক্ত আৰু নিকা নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে বিশেষ ব্যৱস্থা লোৱাৰ বাবেও পৰামৰ্শ আগবঢ়ায়।

নিৰ্বাচন আয়োগক প্ৰতিনিধি দলটোৱে দিয়া স্মাৰক পত্ৰখনত ‘মেঘালয় আৰক্ষীৰ সঞ্চালক প্ৰধান এচ বি সিঙক তৎকালে গুচাই নিৰ্বাচন আয়োগে এজন নিৰপেক্ষ সঞ্চালকক নিয়োগ কৰাটো আমি বিচাৰিছো।’

নলিন ক’হলি, অ’ম প্ৰকাশ, দেৱিদ খাৰচাতি, বাচাইলাং খংগুৰ আৰু জি চি নংবেতৰ ৫ জনীয়া প্ৰতিনিধি দলটোৱে তেওঁলোকৰ স্মাৰকপত্ৰ খনত এনে কিছুমান ঘটনা উল্লেখ কৰিছে যিবোৰে গেৰুৱা দলটোৰ মতে আগলৈ আৰু নিৰ্বাচনৰ পিছত সমস্যাৰ সৃষ্টি কৰিব।

প্ৰতিনিধি দলটোৱে কয়, ‘অইন কিছুমান আৰক্ষী বিষয়াৰ লগতে সঞ্চালকজনে মেঘালয়ৰ মুখ্য মন্ত্ৰীৰ হৈ মুকলিকৈ প্ৰচাৰ চলাইছে। ঘটনাটো সংবাদ মাধ্যমত বহুলভাৱে প্ৰচাৰিত হৈছে।…মুখ্য মন্ত্ৰী গৰাকী যিহেতু গাৰো পাহাৰৰ আৰু তেওঁ গাৰো পাহাৰতে প্ৰতিদ্বন্দ্বিতা কৰিব সেয়ে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত উগ্ৰপন্থী সমস্যাই পুনৰ মূৰ দাঙি উঠিছে। নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত উগ্ৰপন্থী সমস্যাৰ পুনৰোত্থান মুখ্য মন্ত্ৰীয়ে নিৰ্বাচন জিকিবৰ বাবে কৰা কূট কৌশল।’

ই লগতে কয় যে কংগ্ৰেছ দল আৰু ইয়াৰ জ্যেষ্ঠ নেতাসকলৰ ঘৃণাপূৰ্ণ ভাষণ সাধাৰণ ঘটনা হৈ পৰিছে। বিজেপিয়ে স্মাৰক পত্ৰখনত লগতে কয়, ‘ধৰ্মীয় গঢ়ত নিৰ্বাচনৰ সাম্প্ৰদায়িকীকৰণ কৰা জনপ্ৰতিনিধিত্ব আইন আৰু আৰ্হি আচৰণ বিধিৰ স্থূল উলংঘন।’

স্মাৰক পত্ৰখনত বিজেপিয়ে নিৰ্বাচন আয়োগক ৰাজ্যখনৰ আন্তঃৰাষ্ট্ৰীয় সীমান্ত বন্ধ কৰি দিয়াৰ বাবেও আহ্বান জনায়।