নিৰ্বাচন নালাগে, আগে কেন্দ্ৰীয় চৰকাৰে নাগা চুক্তি চূড়ান্ত কৰকঃ ২৩ জানুৱাৰিত ক’হিমাত নাগা ছাত্ৰ ফেডাৰে’শ্বনৰ ৰাজহুৱা সভা

নাগা ছাত্ৰ ফেডাৰে’শ্বনে ৰাজ্যখনত বিধানসভা নিৰ্বাচন অনুষ্ঠিত কৰাৰ বিৰুদ্ধে অহা ২৩ জানুৱাৰিত ইয়াৰ প্ৰস্তাৱিত জনসমাৱেশ অনুষ্ঠিত কৰিব। ২৭ ফেব্ৰুৱাৰিত অনুষ্ঠিত হ’ব লগা নিৰ্বাচনৰ পূৰ্বেই নাগা সমস্যা সমাধানৰ বাবে কেন্দ্ৰীয় চৰকাৰক হেঁচা দিয়াৰ উদ্দেশ্যে ক’হিমাৰ নাগা চলিদাৰিতি পাৰ্কত অনুষ্ঠিত কৰা হ’ব এই সমাৱেশ।

দীৰ্ঘদিনীয়া নাগা ৰাজনৈতিক সমস্যাটোৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে পিছুৱাই থকাৰ কৌশল প্ৰয়োগ কৰিছে বুলি উল্লেখ কৰি সংগঠনটোৰ সভাপতি কেচচুল ক্ৰিস্ত’ফাৰ ল্তুৱে কয় যে কেন্দ্ৰীয় চৰকাৰক নিৰ্বাচনৰ পূৰ্বেই নাগা গোটবিলাকৰ সৈতে চূড়ান্ত চুক্তি সম্পন্ন কৰাৰ দাবী এই সমাৱেশৰ আয়োজন কৰা হৈছে। তেওঁ লগতে কয় যে নিৰ্বাচনতকৈ সমস্যাটোৰ সমাধান বেছি গুৰুত্বপূৰ্ণ।

ভাৰত-নাগা আলোচনাকে ধৰি বিভিন্ন মঞ্চত অন্যান্য নাগা সংগঠনৰ লগতে এন এছ এফেও নাগা ৰাজনৈতিক সমস্যা সন্দৰ্ভত ইয়াৰ মতামত জনাই আহিছে আৰু শান্তি প্ৰক্ৰিয়াটো কিদৰে অব্যাহত থাকিব লাগে সেই সন্দৰ্ভত এক বিস্তৃত পৰ্য্যালোচনা আগবঢ়াইছে। সংগঠনটোৱে কেন্দ্ৰৰ মধ্যস্থতাকাৰী আৰ এন ৰৱিৰ সৈতেও বহুবাৰ আলোচনাত মিলিত হৈছে।

তেওঁ লগতে কয় যে এই সন্দৰ্ভত ভাৰত চৰকাৰক বহুবাৰ স্মাৰকপত্ৰ আৰু প্ৰতিবেদন দিয়া হৈছে। অথচ আলোচনা চলি থকা ২০ বছৰতকৈও অধিক কালত দেখা পোৱা পিছুৱাই থকা কৌশলে জনসাধাৰণক বিভ্ৰান্ত কৰিছে।

সভাপতিজনে সমস্যাটোৰ সমাধান উলিওৱাৰ বাবে নাগা ৰাইজক প্ৰতিবাদত অংশগ্ৰহণৰ বাবে আহ্বান জনাইছে। তেওঁ কয় যে নাগা সমস্যাৰ সমাধান কেৱল এজন ব্যক্তি বা এটা দলৰ নহয় বৰঞ্চ সমগ্ৰ নাগা সমাজ আৰু ভৱিষ্যতৰ নাগা প্ৰজন্মসমূহৰ বাবে।

ক্ৰিস্ত’ফাৰে লগতে কয় যে, ‘নাগা যুৱ প্ৰজন্মৰ আশা আৰু আৱেগক প্ৰতিনিধিত্ব কৰা সংগঠনটোৱে চলি থকা শান্তি আলোচনা প্ৰক্ৰিয়া  তথা ৰাজনৈতিক আলোচনাটোত হোৱা অহেতুক বিলম্বৰ বাবে পুনৰ মাত মাতিবলৈ বাধ্য হৈছে।’