মিছামাৰী সেনাই নিৰ্মান কৰা সীমা বেৰক লৈ স্থানীয় লোকৰ মাজত উদ্বিগ্নতা বৃদ্ধি

মিছামাৰী

শোণিতপুৰ জিলাৰ মিছামাৰী আৰক্ষী থানাৰ অন্তৰ্গত মিছামাৰীত সেনাই নিৰ্মান কৰা এখন সীমা বেৰক লৈ স্থানীয় লোকৰ মাজত উদ্বেগ বৃদ্ধি পাইছে। উল্লেখযোগ্য যে তাঁতশাল গাৱঁৰ লোকসকলে দাবী কৰা অনুসৰি গাওঁখনৰ ম্যাদী পট্টা থকা মাটিত সেনাই বলপূৰ্বক ভাবে নিজৰ কেম্পাছত বেৰখন নিৰ্মান কৰা বুলি কয়।

এক শুত্ৰৰ পৰা জানিব পৰা অনুসৰি মিছামাৰী সেনা শিবিৰৰ সীমাত সেনাই নিৰ্মান কৰা বেৰৰ স্থানীয় তাঁতশাল গাৱঁৰ লোকসকলে ঘোৰ বিৰোধিতা কৰিছে। কিয়নো সেনা শিবিৰৰ ওচৰত থকা পি ডব্লিউ ডি পথৰ সমীপৰ ৰাজহুৱা ম্যাদী পট্টা থকা মাটিত পূৰ্বৰে পৰা বলপূৰ্বক ভাবে সেনাই নিৰ্মানকাৰ্য চলোৱাৰ চেষ্টা অব্যাহত ৰাখিছিল।

মনকৰিবলগীয়া যে তাঁতশাল গাৱঁৰ লোকসকলে ৰঙাপাৰাৰ পৰা তাঁতশাল গাৱঁলৈ অতিক্ৰম কৰে খোজকাঢ়ি। ইমান দিনে অহা যোৱা কৰা পথটোত সেনাই কিদৰে সীমা বেৰ নিৰ্মান কৰিব পাৰে সেয়া এক ডাঙৰ প্ৰশ্ন বুলি তাঁতশাল গাঁৱৰ বাসিন্দা সকলে উত্থাপন কৰে। স্থানীয়লোকে এই সংক্ৰান্তত ঠেলামৰা ৰাজহ চক্ৰত খবৰ দিয়াৰ পিছতে ৰাজহ চক্ৰৰ লোকে নিৰ্মানকাৰ্য চলা ঠাইখিনিত উপস্থিত হৈ সেনাক ৰাজপথৰ পৰা ১৫ মিটাৰ দূৰত্বত বেৰখন নিৰ্মান কৰাৰ বাবে আহ্বান জনায়। কিন্তু ঠেলামৰা ৰাজহ চক্ৰৰ আহ্বান তথা নিৰ্দেশ সেনাই আওকান কৰি পুনৰ আগৰ ঠাইতে নিৰ্মান কাৰ্য চলোৱা আৰম্ভ কৰিলে। এই লৈ স্থানীয় লোক আৰু সেনাৰ মাজত অসন্তুষ্টি বৃদ্ধি পালে। আৰু স্থানীয় লোকে নিৰ্মান কাৰ্য বন্ধ কৰি দিয়াৰ ফলত প্ৰজেক্ট ইঞ্জিনিয়াৰৰ সৈতে স্থানীয় লোকৰ ভয়ংকৰ বিবাদৰ সৃষ্টি হোৱা বুলিও জানিবলৈ দিছে।

সেনাৰ অবৈধ বেৰ নিৰ্মান কাৰ্যক লৈ ক্ষুব্ধ হৈ তাঁতশাল গাঁৱৰ চিকিউৰিটি গাৰ্ডৰ সম্পাদক সঞ্জয় দৈমাৰী, প্ৰাক্তন জিয়া গাভৰু গাওঁ পঞ্চায়তৰ সদস্য তৰুণ চন্দ্ৰ নাথ, তাঁতশাল গাঁৱ উন্নয়ন সমিতিৰ সম্পাদক ৰিজু বসুমতাৰী আৰু জিয়া গাভৰু গাওঁ পঞ্চায়তৰ সদস্য সুৰেণ কৰ্মকাৰে অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক এখন স্মাৰক পত্ৰ প্ৰদান কৰে।

স্থানীয় লোকে এই সন্দৰ্ভত পুনৰ কয় যে মিছামাৰি সেনাই অবৈধ ভাবে চলোৱা নিৰ্মান কাৰ্যক আমি তীব্ৰ গৰিহনা জনোৱাৰ লগতে অসম চৰকাৰৰ কাৰ্যালয়ৰ নিৰ্দেশ অৱমাননা কৰা কাৰ্যকো ধিক্কাৰ দিছো। অবৈধ নিৰ্মান কাৰ্য যিকোনো প্ৰকাৰে স্থগিত ৰখাৰ বাবে আমি সকলো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ সাজু বুলি স্থানীয় লোকে আমাৰ সাংবাদিকৰ আগত মত প্ৰকাশ কৰে।