নীলোৎপল-অভিজিত কাণ্ড : মানৱতাৰ সন্ধানত গুৱাহাটীত আয়োজন ‘পীচ জেম’

peace jam guwahati

নীলোৎপল-অভিজিত হত্যাৰ লগতে অসমত শেহতীয়াভাৱে সংঘটিত হোৱা দলবদ্ধ হিংসাই অসমৰ বিভিন্ন জনগোষ্ঠীৰ মাজত সৃষ্টি কৰা উত্তেজনাৰ অৱসান কামনাৰে আৰু মানৱতাৰ আশাৰে ‘হ’প ফৰ হিউমেনিটি’ নামৰ এক বিশ্বজোৰা অনুষ্ঠানে অহা ৮ জুলাইত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শিল্পগ্ৰামত আয়োজন কৰিছে ‘পীচ জেম’ শীৰ্ষক এক সাংস্কৃতিক অনুষ্ঠানৰ।

একে উদ্দেশ্য আগত ৰাখি সেইদিনাই গুৱাহাটীৰ লগতে ৰাছিয়া আৰু মুম্বাইতো আন্তঃৰাষ্ট্ৰীয় সংস্থাটোৱে চাইকেল সমদলৰো আয়োজন কৰিছে।

কেৱল অসমতে নহয়, সমগ্ৰ ভাৰততে আৰম্ভ হোৱা দলবদ্ধভাৱে হত্যা কৰাৰ ‘পৰম্পৰা’ই মানৱতা ধ্বংস কৰিব বুলি উদ্বিগ্ন সংস্থাটোৱে মানৱতাৰ আশাৰে আয়োজন কৰিছে এই সাংস্কৃতিক কাৰ্য্যসূচীৰ। ‘মানৱতা ঘূৰাই অনাৰ আশাৰে ‘হ’প ফৰ হিউমেনিটি’ৰ দ্বাৰা ‘পীচ জেম’ শীৰ্ষক অনুষ্ঠানৰ আয়োজন কৰা হৈছে,’ গুৱাহাটী প্ৰে’ছ ক্লাবত আয়োজিত সংবাদমেলত আজি ৪ জুলাইত এই মন্তব্য অনুষ্ঠানটোৰ অন্যতম আয়োজক অংকুৰজ্যোতি শইকীয়াৰ।

গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শিল্পগ্ৰামত সন্ধিয়া ৭.৩০ বজাত অনুষ্ঠিত হ’ব লগা এই ‘পীচ জেম হৈছে নীলোৎপল, অভিজিৎ, ঝংকাৰ আৰু এনেধৰণৰ অনেক নিপীড়িত ব্যক্তিৰ বাবে, যিসকল দলবদ্ধ অত্যাচাৰৰ বলি হ’বলগীয়া হৈছে। লগতে যিসকল ধৰ্ষণ, হত্যা, সাম্প্ৰদায়িক সংঘৰ্ষ আৰু এনেধৰণৰ অনেক জঘন্য ঘটনাৰ বলি হ’বলগীয়া হৈছে, সেইসকলৰ বাবে এই পিচ জাম,‘ জনালে আয়োজকে।

নীলোৎপল-অভিজিতৰ ঘটনাটোৰ লগতে কেইবাটাও বিক্ষিপ্ত ঘটনাই ৰাজ্যৰ বিভিন্ন জনগোষ্ঠীৰ মাজত সৃষ্টি কৰা ‘উত্তেজনা’ত উদ্বিগ্ন আয়োজকসকলে কলাৰ মাধ্যমেৰে প্ৰদৰ্শন কৰিব অসমৰ বিভিন্ন জনগোষ্ঠীৰ মাজৰ একতা আৰু অখণ্ডতা।

‘কাৰ্বি, নিছিং আৰু বড় জনগোষ্ঠীৰ শিল্পীৰ সৈতে উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যৰ শিল্পীয়ে অংশ গ্ৰহণ কৰিব,’ জনালে শইকীয়াই।

‘পীচ জেম’ অনুষ্ঠানত নীলোৎপল-অভিজিতৰ পিতৃ-মাতৃৰ লগতে পৰিয়ালৰ লোকসকলো উপস্থিত থাকিব বুলি আয়োজকসকলে জনাইছে।

আনহাতে সেইদিনাই দীঘলীপুখুৰীৰ পাৰৰ পৰা পুৱা ৮ বজাত ওলাব লগা গুৱাহাটীৰ চাইকেল সমদলটো শিল্পগ্ৰামত আহি অন্ত পৰিব।

আজিৰ সংবাদমেলত নীলোৎপলৰ পিতৃ গোপাল চন্দ্ৰ দাসো উপস্থিত আছিল।