NORTHEAST NOW (Assamese)

নীৰৱ ঘাতক : গুৱাহাটীত বিশ্ব উচ্চ ৰক্তচাপ দিৱস পালনৰ প্ৰস্তুতি

May 16, 2018 9:59 pm · অনিৰ্বাণ পাঠক

‘উচ্চ ৰক্তচাপ হৈছে একপ্ৰকাৰ নীৰৱ ঘাতক। জাত-পাত, লিংগ, ভৌগলিক অৱস্থান নিৰ্বিশেষে যিকোনো মানুহকে ই ক্ৰিয়া কৰিব পাৰে’। বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত এক সংবাদমেলযোগে এই কথা ব্যক্ত কৰে কাৰ্ডিঅ’লজিকেল ছ’চাইটি অৱ ইণ্ডিয়া নামৰ সংস্থাটোৰ উত্তৰ-পূব শাখাৰ সভাপতি ডা: এ.কে. শৰ্মাই।

উচ্চ ৰক্তচাপৰ ভয়াবহতাৰ পৰা মানুহক সুৰক্ষিত কৰিবলৈ বিভিন্ন ধৰণৰ সজাগতামুলক কাৰ্যসূচী গ্ৰহণ কৰি থকাৰ কথাও সংবাদমেলত সংস্থাটোৰ ফালৰ পৰা জানিবলৈ দিয়ে।

কাৰ্ডিঅ’লজিকেল ছ’চাইটি অৱ ইণ্ডিয়াৰ উত্তৰ-পূব শাখাই ১৭ মে’ৰ দিনটোত বিশ্ব উচ্চ ৰক্তচাপ দিৱসৰ লগত সংগতি ৰাখি মহানগৰীৰ হোটেল গেইটৱে গ্ৰেইণ্ডিউৰত চিকিৎসকসকলৰ এখন সভা অনুষ্ঠিত কৰিব বুলি জানিবলৈ দিয়ে। এই সভাত বৰ্তমান সময়ত মানুহৰ মাজত উচ্চ ৰক্তচাপৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি আৰু ইয়াৰ প্ৰশমন সন্দৰ্ভত এক আলোচনা অনুস্থিত হ’ব বুলি সংস্থাটোৱে জানিবলৈ দিয়ে।

উল্লেখ্য যে বিশ্ব উচ্চ ৰক্তচাপ দিৱসৰ এইবাৰৰ বিষয়বস্তু ‘Know your numbers’। অৰ্থাৎ উচ্চ ৰক্তচাপৰ পৰা হাত সাৰি থাকিবলৈ নিজৰ শৰীৰৰ ৰক্তচাপ, ওজন, চুগাৰ আৰু মেদৰ পৰিমান সম্পৰ্কে সজাগ হৈ থকাৰ দৰকাৰ আৰু মানুহৰ মাজত এই সজাগতা সৃষ্টিৰ বাবেই এইবাৰ এই বিষয়বস্তু ৰখা হৈছে বুলি সংস্থাটোৱে জানিবলৈ দিয়ে।

বুধবাৰৰ সংবাদমেলত কাৰ্ডিঅ’লজিকেল ছ’চাইটি অৱ ইণ্ডিয়াৰ উত্তৰ-পূব শাখাৰ সভাপতি ডা: এ.কে. শৰ্মাই বিশ্ব উচ্চ ৰক্তচাপ দিৱসৰ তাৎপৰ্য বাখ্যা কৰাৰ লগতে উত্তৰ-পূৰ্বাঞ্চলত উচ্চ ৰক্তচাপ আৰু আনুষংগিক আন আন ৰোগ প্ৰশমনৰ উদ্দেশ্যে লোৱা পদক্ষেপ সম্পৰ্কে বক্তব্য প্ৰদান কৰে।

সংবাদমেলত উপস্থিত থাকি সংস্থাটোৰ সম্পাদক ডা: প্ৰণব ডেকাই উচ্চ ৰক্তচাপ আৰু আনুষংগিক আন ৰোগ সম্পৰ্কে এক সুন্দৰ উপস্থাপন আগবঢ়ায়।

Related News