• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নুমলীগড় শোধনাগাৰৰ প্ৰতিষ্ঠা দিৱসত শোধনাগাৰ কৰ্তৃপক্ষৰ বোকাখাত পৌৰসভালৈ আৱৰ্জনা নিষ্কাশন সমগ্ৰী প্ৰদান

উত্তম শইকীয়া by উত্তম শইকীয়া
April 22, 2018 5:17 pm
নিষ্কাশন
168
VIEWS
Share on FacebookShare on Twitter

নুমলীগড় শোধনাগাৰৰ ২৬ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি শোধনাগাৰ কৰ্তৃপক্ষই বোকাখাত পৌৰসভালৈ কেতবোৰ আৱৰ্জনা নিষ্কাশন সমগ্ৰী প্ৰদান কৰে ৷

পৰিচ্ছন্নতা নামৰ এখন আঁচনিৰে অসমৰ প্ৰতিখন পৌৰসভা আৰু নগৰ সমিতিলৈ আৱৰ্জনা নিষ্কাশন সামগ্ৰী প্ৰদান কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে নুমলীগড় শোধনাগাৰে ৷

ফলত এই আঁচনিৰ অধীনতে দেওবাৰে বোকাখাত পৌৰসভা কাৰ্যালয় প্ৰাংগণত আয়োজিত এক অনুষ্ঠানত বোকাখাত পৌৰসভালৈ আৱৰ্জনা নিষ্কাশন সামগ্ৰী আগবঢ়ায় নুমলীগড় শোধনাগাৰ কৰ্তৃপক্ষই ৷

বোকাখাতৰ মহকুমাধিপতি বিবেক শ্যামৰ পৌৰোহিত্যত অনুষ্ঠিত এই সভাত কেবিনেট মন্ত্ৰী তথা বোকাখাতৰ বিধায়ক অতুল বৰা, পৌৰপতি চিত্ৰা কাৰ্ডং, মহকুমা আৰক্ষী বিষয়া বিতুল চেতিয়া, নুমলীগড় শোধনাগাৰৰ জ্যেষ্ঠ প্ৰৱন্ধক মনোজ পেগু, প্ৰৱন্ধক বিশ্বজিত বৰা, অসম গণ পৰিষদৰ বোকাখাত জিলা সভাপতি জগত কলিতাৰ লগতে বোকাখাত বহু জ্যেষ্ঠ নাগৰিক উপস্থিত থাকে ৷

বোকাখাত পৌৰসভাৰ উপ পৌৰপতি সঞ্জীৱ শইকীয়াই আঁত ধৰা এই অনুষ্ঠানত নুমলীগড় শোধনাগাৰৰ তৰফৰ পৰা তিনিখন আৱৰ্জনা কঢ়িওৱা ভান, পাঁচখন আৱৰ্জনা কঢ়িওৱা তিনিচকীয়া বাহন আৰু ২৫ টা কঢ়িয়াব পৰা ডাষ্টবিন প্ৰদান কৰে ৷

অনুষ্ঠানত বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ কাষতে থকা বোকাখাতক এখন নিকা আৰু স্বচ্ছ নগৰি হিচাপে গঢ়ি তুলিবৰ বাবে বোকাখাত পৌৰসভা আৰু প্ৰশাসনক আহ্বান কৰাৰ লগতে নুমলীগড় শোধনাগাৰকো এই ক্ষেত্ৰত সহায় কৰিবৰ বাবে মন্ত্ৰী অতুল বৰাই অনুৰোধ জনায় ৷ অনুষ্ঠানৰ শেষত মন্ত্ৰী অতুল বৰাই কাষতে থকা ইন্দিৰা গান্ধী স্মাৰক উদ্যানো দৰ্শন কৰে ৷

Recent News

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

কেনিয়াত হিংসাত্মক ৰূপ ধাৰণ কৰিছে প্ৰতিবাদে : কমেও দুজন লোকৰ মৃত্যু

কেনিয়াত হিংসাত্মক ৰূপ ধাৰণ কৰিছে প্ৰতিবাদে : কমেও দুজন লোকৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd