নেইগ্ৰীমচৰ অধীনৰ নাৰ্চিং কলেজত খাচী ভাষা বধ্যতামূলক

নেইগ্ৰীমচ (NEIGRIHMS -North Eastern Indira Gandhi Regional Institute of Health and Medical Sciences) ৰ অধীনৰ নাৰ্চিং কলেজত খাচি ভাষাত কথা পতা বাধ্যতামূলক কৰা হৈছে। বুধবাৰে নাৰ্চিং কলেজৰ  অধ্যক্ষ কেথেৰিন ই মাইথঙে জাৰি কৰা এক জাননী যোগে এই কথা প্ৰকাশ কৰি কলেজখনৰ স্নাতক মহলাৰ সকলো ছাত্ৰ-ছাত্ৰীক খাচি ভাষাত কথা পাতিবলৈ নিৰ্দেশ দিয়া হৈছে। অন্যথা ৫০০ টকাকৈ জৰিমনা বিহা হ’ব বুলিও কোৱা হৈছে। এই সম্পৰ্কে যোগাযোগ কৰাত মাইথঙে কলেজ খনৰ প্ৰথম বৰ্ষৰ ছাত্ৰ-ছাত্ৰীসকলক প্ৰত্যেক সপ্তাহতে ২ ৰ পৰা ৪ টাকৈ খাচি ভাষাৰ পাঠদান দি থকা হৈছে বুলি জনায়। তেওঁ লগতে জানিবলৈ দিয়ে যে ৰোগী আৰু ছাত্ৰ-ছাত্ৰীৰ মাজৰ সম্পৰ্কক উন্নত কৰাৰ লক্ষ্যৰে এই পদক্ষেপ লোৱা হৈছে। মন কৰিব লগীয়া যে নেইগ্ৰীমচৰ অধীনত এম বি বি এছ আৰু নাৰ্চিং পঢ়িবলৈ সমগ্ৰ দেশৰে বিশেষকৈ উত্তৰ-পূবৰ পৰা বহু সংখ্যক ছাত্ৰ-ছাত্ৰী আহে। নাৰ্চিং কলেজত বৰ্তমান প্ৰায় ২০০গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰি আছে।

কলেজ কৰ্তৃপক্ষৰ পৰা কালি প্ৰকাশ পোৱা আন এক জাননী যোগে ছাত্ৰ-ছাত্ৰী সকলক সন্ধিয়া ৬  বজাৰ পিছত কলেজ গেটৰ বাহিৰ নোলাবলৈ কোৱা হৈছে।