নেপালৰ নিৰ্বাচনত বাওঁ মিত্ৰ দল জয়ী হোৱাৰ পথত

যোৱা ১৫ চনত স্থায়ী সংবিধান গৃহীত হোৱাৰ পিছত অনুষ্ঠিত নেপালৰ প্ৰথমটো সংসদীয় নিৰ্বাচনত বাওঁ মিত্ৰ দল জয়ী হোৱাৰ পথত আগ বাঢ়িছে। এই বাতৰি যুগুতোৱা পৰলৈকে বাওঁ মিত্ৰ দলে ৭৫ খন আসনত জয়ী হোৱাৰ লগতে ৪০ খন আসনত আগ বাঢ়ি আছে। তাৰ বিপৰীতে শাসনাধিষ্ঠিত নেপালী কংগ্ৰেছে ১১ খনত জয়ী হৈছে আৰু ১০ খনত আগ বাঢ়ি আছে। উল্লেখযোগ্য যে নেপালৰ যুক্তৰাষ্ট্ৰীয় সংসদলৈ ১৬৫ জন সাংসদ পোনপটীয়া নিৰ্বাচনৰ জৰিয়তে নিৰ্বাচিত হোৱাৰ বিপৰীতে ১১০ জন প্ৰতিনিধিক অনুপাতমূলক প্ৰতিনিধিত্বৰ ভিত্তিত নিৰ্বাচন কৰা হয়। উল্লেখযোগ্য যে নেপালত যোৱা দহ বছৰৰ ভিতৰত দহখনকৈ চৰকাৰ সলনি হৈছে। এই ধৰণৰ ৰাজনৈতিক অস্থিৰতাই দেশখনৰ অৰ্থনীতি, উন্নয়ন আদিত প্ৰভাৱ পেলোৱাৰ লগতে দুৰ্নীতিয়ে মূৰ দাঙি উঠাতো সহায় কৰিছে। আনহাতে যোৱা ২০১৫ চনৰ প্ৰলয়ংকৰী ভূমিকম্পৰ ক্ষতিৰ পৰা মূৰ দাঙি উঠাতো বিলম্ব ঘটাইছে।

এই নিৰ্বাচনে এখন সুস্থিৰ চৰকাৰ দিব পাৰিব বুলি সকলোৱে আশা কৰি আছে। মন কৰিব লগীয়া কথাটো হ’ল যে এই নিৰ্বাচনৰ গুৰুত্ব ভাৰতৰ বাবেও অতি তাৎপৰ্য্যপূৰ্ণ। কাৰণটো হ’ল পৰাজয়ৰ দিশত আগ বঢ়া প্ৰধান মন্ত্ৰী শ্বেৰ বাহাদুৰ দেউবাৰ নেতৃত্বাধীন মধ্যমপন্থী নেপালী কংগ্ৰেছ পাৰ্টীক ভাৰতৰ বন্ধু ভাৱাপন্ন বুলি গণ্য কৰাৰ বিপৰীতে প্ৰাক্তন মাওবাদী আৰু নৰমপন্থী কমিউনিষ্ট য়ু এম এল পাৰ্টীৰ মিত্ৰজোঁটটো চীনৰ সৈতে বন্ধু ভাৱাপন্ন বুলি জনা যায়। সকলোৱে জনা কথাটো হ’ল প্ৰায়ে খকা-খুন্দা লাগি থকা দুয়োখন বৃহৎ দেশৰ মাজত নেপালে এক গুৰুত্বপূৰ্ণ স্থান লৈ আছে।