ন্যায়াধীশ ৰঞ্জন গগৈলৈ বিৰল সন্মান : ৰঘুৰাম ৰাজন, প্ৰণৱ মুখাৰ্জীৰ পিছত ৰামনাথ গোৱেংকা বক্তৃতা প্ৰদানৰ বাবে আমন্ত্ৰিত তৃতীয়জন ভাৰতীয়

RanjanGogoi

ফাইল ফটো : ৰঞ্জন গগৈ

চলিত মাহৰ ১২ জুলাইত উচ্চতম ন্যায়ালয়ৰ দ্বিতীয় জ্যেষ্ঠতম মুখ্য ন্যায়াধীশ, অসম সন্তান ৰঞ্জন গগৈয়ে সমগ্র বিশ্বতে বহুলভাৱে সমাদৃত দা ইণ্ডিয়ান এক্সপ্ৰেছ (The Indian Express) গোষ্ঠীৰ ‘ৰামনাথ গোৱেংকা বক্তৃতা’ প্ৰদান কৰিব।

এই পৰ্য্যন্ত ৰামনাথ গোৱেংকা বক্তৃতা দিয়াৰ সৌভাগ্য লাভ কৰা তৃতীয়জন ভাৰতীয় ব্যক্তি তথা প্ৰথম জন অসমীয়া ব্যক্তি হিচাপে পৰিচিত হ’ব ৰঞ্জন গগৈ।

ইয়াৰ আগতে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰাক্তন গৱৰ্ণৰ ৰঘুৰাম ৰাজন আৰু প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীয়েহে এই বক্তৃতা দিয়াৰ সন্মান লাভ কৰিছিল।

উল্লেখযোগ্য যে উচ্চতম ন্যায়ালয়ৰ পৰৱৰ্তী সম্ভাব্য মুখ্য ন্যায়াধীশ হিচাপে ন্যায়ধীশ ৰঞ্জন গগৈৰ নাম চৰ্চাত আছে। অসম সন্তানজন উচ্চতম ন্যায়ালয়ৰ বৰ্তমানৰ দ্বিতীয় জ্যেষ্ঠতম ন্যায়াধীশ। দেশৰ ন্যায়পালিকাৰ প্ৰচলিত পৰম্পৰা মতে ৰঞ্জন গগৈ দেশৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ হোৱাটো একপ্ৰকাৰ নিশ্চিত হৈ আছে। ৰাজনৈতিক হস্তক্ষেপ বা আন কোনো অভাৱনীয় ব্যতিক্ৰম দেখা নগ’লে তেৱেঁই পৰৱৰ্তী মুখ্য ন্যায়াধীশ হোৱাটো নিশ্চিত।

কিয়নো বৰ্তমানৰ মুখ্য ন্যায়াধীশ দীপক মিশ্ৰই অহা ২ অক্টোবৰত অৱসৰ ল’ব। প্ৰচলিত নিয়ম হ’ল, বৰ্তমানৰ মুখ্য ন্যায়াধীশজনে অৱসৰৰ সময়ত শীৰ্ষ আদালতখনৰ জ্যেষ্ঠতম ন্যায়াধীশজনৰ নাম পৰৱৰ্তী মুখ্য ন্যায়াধীশ হিচাপে অনুমোদন কৰে। সেই অনুমোদনৰ ভিত্তিতে চৰকাৰে মুখ্য ন্যায়াধীশ নিযুক্তি দিয়ে।

উল্লেখ্যযোগ্য যে  মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি পোৱাৰ জল্পনা কল্পনা চলি থকাৰ প্ৰাক মুহুৰ্তত বহুলভাৱে সমাদৃত ৰামনাথ গোৱেংকা বক্তৃতা প্ৰদান কৰাৰ সুযোগ লাভ কৰাটোৱে তেওঁৰ বাবে গৌৰৱৰ বিষয়।