NORTHEAST NOW (Assamese)

নৰ্থ-ইষ্ট নাও এক্লুছিভ: অস্তিত্বৰ সংকটত বিপদাপন্ন প্ৰজাতিৰ গোৰাল

April 25, 2018 8:11 pm · আছিফ ইব্ৰাহীম
Updated: April 25, 2018 8:15 pm
ড০ জাহান আহমেদৰ সৌজন্যত

অৰুণাচলৰ টাৱাং জিলাৰ মুক্তো অঞ্চলত বিচৰণ কৰা গোৰাল (Naemorhedus goral) নামৰ ছাগলী পৰিয়ালৰ প্ৰাণীবিধ শেহতীয়াকৈ  তীব্ৰ অস্তিত্বৰ সংকটত পৰিছে। এক অচিন ৰোগত আক্ৰান্ত হৈ এই আপুৰুগীয়া প্ৰাণীবিধৰ মৃত্যুৱে পশু চিকিৎসক আৰু পৰিৱেশবিদসকলক ভবাই তুলিছে।

পৰিৱেশবিদসকলে শংকা প্ৰকাশ কৰিছে যে যদিহে বেমাৰ আৰু মৃত্যুৰ বিষয়ক প্ৰাথমিক পৰীক্ষাৰ প্ৰতিৱেদনসমূহ নিশ্চিত হয়, তেন্তে ছাগলী আৰু হৰিণাৰ পৰিয়ালৰ মাজৰ লুপ্ত-শৃংখল এই বিৰল, সুন্দৰ প্ৰাণীবিধ পৃথিৱীৰ পৰা নিঃচিহ্ন হৈ যোৱাটো নিশ্চিত।

উল্লেখ্য যে ভাৰতীয় বন্যপ্ৰাণী সুৰক্ষা আইনৰ ধাৰা ৩ ৰ অধীনত এই প্ৰাণীবিধক সুৰক্ষা প্ৰদান কৰা হৈছে।

প্ৰকৃতি সংৰক্ষণৰ আন্তঃজাতিক সংস্থাৰ (International Union for Conservation of Nature) বিপনাপন্ন প্ৰজাতিসমূহৰ (২০০৮) ৰেড লিষ্টত এই প্ৰাণীবিধক নিকট বিপদাপন্ন প্ৰাণীৰ শ্ৰেণীভুক্ত কৰা হৈছে।

এই প্ৰাণীবিৰ সংখ্যা দ্ৰুত হাৰত কমি আহিছে। ভূটান, উত্তৰ ভাৰত, নেপাল আৰু পাকিস্তান আদি হিমালয় পৰ্বত শ্ৰেণীয়ে স্পৰ্শ কৰা এলেকাসমূহত পোৱা যায়। এই প্ৰাণীবিধে পাহাৰ পৰ্বতৰ  ওখ শিলাময় এলেকাত বাস কৰে।

এই বিষয়টো প্ৰথমে টাৱাঙৰ জিলা বন বিষয়া (DFO) ড০ এ কায়ুমে ইটানগৰ চিৰিয়াখানাৰ পশু চিকিৎসক ড০ ছোৰাং টাডাপৰ দৃষ্টিগোচৰ কৰিছিল যে ২০ এপ্ৰিলত টাৱাং জিলাৰ মুক্তো এলেকাত গোৰালৰ মৃত্যু হৈছে।

প্ৰথমতে এয়া জলাতংকৰ বিষাণুৰ দ্বাৰা হোৱা বুলি সন্দেহ কৰা হৈছিল। গোৰালৰ মৃতদেহত ছালৰ সংক্ৰমণ আৰু নাকৰ পৰা বিজলুৱা পদাৰ্থ বাহিৰ হৈ থকা দেখা গৈছিল।

প্ৰতিৱেদন অনুসৰি, টাৱাঙৰ বন ডিভিজনৰ কৰ্মচাৰীসকলে দুটা মৃত গোৰালৰ শৱদেহ সংগ্ৰহ কৰিছিল।তাৰে এটা হৈছে অৰ্ধ প্ৰাপ্তবয়স্ক মাইকী আৰু আনটো অৰ্ধ গলিত মতা গোৰাল।

যেতিয়াই খানাপাৰাৰ কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ শৰীৰতত্ব আৰু কলাতত্ব (Anatomy and Histology) বিভাগৰ  ড০ জাহান আহমেদৰ নেতৃত্বত ড০ ছোৰাং টাডাপ, ড০ থুপটেন তাছি বিশেষজ্ঞ পশু চিকিৎসকৰ এটা দল আৰু জিলা বন বিষয়া ড০ এ কায়ুম আহি এই গোৰালৰ মৃত্যু হোৱা স্থানত উপস্থিত হয় আৰু তেওঁলোকে দেখা পায় যে সমগ্ৰ গাঁওত মাত্ৰ এটা গোড়ালৰ হে ছালৰ সংক্ৰমণ হোৱা দেখা গৈছিল।

পৰ্যৱেক্ষণৰ কালত পশু চিকিৎসকৰ দলটোৱে মৃতদেহকেইটাৰ ছাল ফটা-চিঙা নোহোৱাকৈ আছিল যদিও মাজে মাজে মৃত কোষ, ফাটি যোৱা আৰু বসন্তৰ নিচিনা চক্ৰাকাৰে নষ্ট হৈ যোৱা কলা দেখা পাইছিল। এইবোৰ ওপৰৰ আৰু তলৰ ওঠৰ ফালে অধিক আছিল। দুই ওঠৰ মাজভাগ, আৰু দুয়ো চকুৰ ওপৰৰ পতাৰ ছাল উঠি যোৱা দেখা গৈছিল।

বসন্তৰ দৰে নষ্ট হোৱা কলা পায়ুৰ পৰা জননেন্দ্ৰিয়ৰ পৰা নেজৰ তল পৰ্যন্ত বিয়পি যোৱাটো দেখা গৈছিল।

নষ্ট হোৱা কলাৰ পৰিধি ১ ছেণ্টিমিটাৰৰ কমৰ পৰা ২ ছেণ্টিমিটাৰ পৰ্যন্ত হোৱা দেখা পোৱা গৈছিল আৰু সেইবোৰ ছাঁই বৰণৰ আছিল।

আভ্যন্তৰিণ অংগসমূহৰ বিতং পৰীক্ষাৰ পৰা হাওফাওৰ পেৰেনকাইমা কলাৰ সৰ্বত্ৰ গভীৰ আঘাত বিয়পি যোৱাটো দেখা গৈছিল।

মখা বান্ধি থকা মৃতকোষবোৰ বিয়পি হৈ যোৱা দেখা গৈছিল আৰু বৰ্ধিত হাওফাওৰ অংশসমূহত ৰঙচুৱা মুগা ৰং দেখা গৈছিল।

শ্বাসনলীৰ সৰ্বত্ৰতে ফেনিল পনীয়া পদাৰ্থ দেখা গৈছিল আৰু বক্ষ গহ্বৰত খেৰ বৰণৰ পনীয়া পদাৰ্থ দেখা গৈছিল।

লসিকা-গ্ৰন্থি ফুলি যোৱা দেখা গৈছিল।

যদিওবা কোনো আভ্যন্তৰিণ পৰজীৱীৰ সন্ধান পোৱা হোৱা নাই  গোৰালৰ মৃতদেহৰ আভ্যন্তৰিণ অংগসমূহত হোৱা ঘাঁ বিলাকে ছাগ বসন্তৰ সংক্ৰমণ হোৱাটো নিৰ্দেশ কৰে।

উৎস: ইণ্টাৰনেট

গোৰালসমূহৰ মৃত্যু এই ছাগ বসন্তৰ পৰা হোৱা বুলি সন্দেহ কৰা হৈছে আৰু এই মাৰাত্মক ভাইৰাছটোৱে  এই স্থানৰ সুকীয়া প্ৰজাতি গোৰালৰ প্ৰজাতিটো পৃথিৱীৰ পৰাই নিঃচিহ্ন কৰাৰ শংকা দেখা হৈছে।

উত্তৰ-পূৰ্বাঞ্চলৰ গোৰালৰ ওপৰত ছাগ বসন্তৰ সংক্ৰমণৰ বিষয়ে এই প্ৰথম সন্দেহ কৰা হৈছে।

যদিহে এয়া হবলৈ হয় তেন্তে অচিৰেই এই বিপদাপন্ন প্ৰাণীবিধ পৃথিৱীৰ বুকুৰ পৰা একেবাৰে নিঃচিহ্ন হৈ যাব।

অৱশে ছাগ বসন্ত হিচাপে নিশ্চিত হ’বলৈ আৰু ভিত্তিশীল সিদ্ধান্তত উপনীত হোৱাৰ বাবে পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰা নমুনাৰ প্ৰতিৱেদনলৈকে অপেক্ষা কৰি থকা হৈছে।

ইতিমধ্যে, মৰণোত্তৰ পীক্ষা সম্পন্ন কৰাৰ অন্তত মৃতদেহকেইটা জ্বলাই ভূ গৰ্ভৰ বহু তলত পুতি থোৱা হৈছে।

Related News