পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত পথ দুৰ্ঘটনাত দুজন আহত

Accident

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত শুকুৰবাৰে নিশা এক পথ দুৰ্ঘটনা সংঘটিত হয় । এ এছ-০২-আৰ ০০৯২ নম্বৰৰ এখন বাহনে দুই চাইকেল আৰোহীক পিছ পিনৰ পৰা খুন্দিয়াই গুৰুতৰভাৱে আহত কৰে।

দুৰ্ঘটনাটোত আহত হোৱা চাইকেল আৰোহী দুজনক ক্ৰমে বিৰজু দত্ত (২৮) আৰু শ্ৰৱন চৌহান (৬০)বুলি চিনাক্ত কৰা হৈছে।

গুৰুতৰভাৱে আহত দুইজনকে উন্নত চিকিৎসাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰা হৈছে।

জানিব পৰা মতে বাহনখনৰ চালকজন সুৰামত্ত অৱস্থাত আছিল। তেওঁ চাইকেল আৰোহী দুজনক খুন্দিয়াই অনুশোচনা কৰাটো দূৰৰে কথা আহতদ্বয়ক তেনেকৈয়ে পেলাই থৈ যাব বিচাৰিছিল।

আনকি গাড়ী চালকজনে দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হোৱা লোক দুজনক চিকিৎসালয়লৈ নিয়াৰ পৰিবৰ্তে ওলোটাকৈ ধমকহে দিয়ে।

আনহাতে, ঘটনাস্থলীত উপস্থিত হোৱা স্থানীয় ৰাইজে দুৰ্ঘটনা সংঘটিত কৰা বাহনখনেৰে সংকটজনক অৱস্থাত পৰি থকা লোক দুজনক চিকিৎসালয়লৈ নিবলৈ কাতৰ অনুৰোধ জনায় যদিও  সুৰামত্ত চালকজনে ৰাইজৰ কথাত কোনো গুৰুত্ব নিদিলে।

এনে এক পৰিপ্ৰেক্ষিতত কিছু সময় ধৰি ঘটনাস্থলীত এক উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হয়।

সুৰামত্ত চালকৰ উদ্ভণ্ডালি আৰু আৰক্ষী প্ৰশাসনৰ নিৰ্লিপ্ততাৰ বাবে এনেদৰে বহু নিৰীহ লোক পথ দুৰ্ঘটনাৰ চিকাৰ হ’বলগীয়া হয় বুলি সচেতন মহলে ক্ষোভ প্ৰকাশ কৰে।