পাঁচটা বিষয়ত লেটাৰ সহ ডিষ্টিংছন : দৰিদ্ৰতাক নেওচি উজলিল ৰাইদঙীয়াৰ কৰিশ্মা

9e2d6d01-aec3-4f3c-b8c7-ead84bf2c27a

শিক্ষা আহৰণৰ ক্ষেত্ৰত দৈন্যতা যে কেতিয়াও হেঙাৰ হ’ব নোৱাৰে তাক পুনৰ এবাৰ প্ৰমাণ কৰিলে নগাঁও জিলাৰ ৰাইদঙীয়াৰ এগৰাকী ছাত্ৰীয়ে। অভাৱক কেতিয়াও প্ৰশ্ৰয় নিদিয়া এইগৰাকী ছাত্ৰীৰ নাম কৰিশ্মা। নাম যেনে কামো তেনে।  সকলোকে কৰিশ্মা দেখুৱাই জিলিকি উঠিছে তেওঁ।

নগাঁও জিলাৰ ৰাইদঙীয়া নাহৰকটীয়া গাঁ‌ৱৰ প্ৰয়াত দীপ দাস আৰু জিন্তি দাসৰ জীয়ৰী কৰিশ্মাই সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক পৰীক্ষাত  সুখ্যাতিৰে উত্তীৰ্ণ হৈ বৃহত্তৰ ৰাইদঙীয়া অঞ্চললৈ গৌৰৱ  কঢ়িয়াই আনিছে। পায়নিয়াৰ আৰ্টচ এণ্ড কমাৰ্চ বিদ্যালয় পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত অৱতীৰ্ণ হৈ পাঁ‌চটা বিষয়ত লেটাৰ মাৰ্ক সহ ডিষ্টিংছন লাভ কৰি সৰ্বমুঠ  ৪৩৬  নম্বৰ লাভ কৰিবলৈ সক্ষম হয় ছাত্ৰীগৰাকীয়ে।

লক্ষণীয় যে, সৰুতেই পিতৃ হীনা হোৱা কৰিশ্মাক মাতৃয়ে বহু কষ্টৰে পঢ়ুৱাবলগীয়া হৈছিল। পিতৃ হীনা কৰিশ্মাই বহু কষ্টৰে দিন কটাবলগীয়া হৈছে। কৰিশ্মাই উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত  ৮৭:২  শতাংশ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে।

কৰিশ্মাৰ মাতৃয়ে গাঁ‌ৱৰ মানুহৰ ঘৰে ঘৰে কাম  বন কৰি  যেনে তেনে ৫ জনীয়া পৰিয়ালটো পোহপাল দি আছে যদিও কেতিয়াবা লঘোনেও দিন কটাবলগীয়া হৈছে। সৰুৰেপৰা ঘৰৰ সকলো ধৰণৰ কাম-কাজৰ সমানে সমানে অধ্যয়ন কাৰ্য চলাই যোৱা কৰিশ্মাই পঢ়াৰ বাবে পোৱা নাছিল প্ৰয়োজনীয় সা-সুবিধা। আনকি পঢ়া কাৰ্য চলাই যাবলৈ তাইৰ নাছিল নিজা কিতাপ পত্ৰও।

আনৰ পৰা অনা কিতাপ পত্ৰৰেই পঢ়িছিল কৰিশ্মাই। ভৱিষ্যতে এগৰাকী সুদক্ষ শিক্ষয়িত্রী হোৱাৰ সপোন আছে কৰিশ্মাৰ। পিচে, দৰিদ্ৰতাই এতিয়া হেঙাৰৰূপে থিয় দিছে পৰিয়ালটোৰ সন্মুখত।

উচ্চ শিক্ষা গ্ৰহণত ছাত্ৰীগৰাকীক সহায়-সহযোগিতা আগবঢ়াবলৈ সহৃদয়বান লোক তথা  চৰকাৰলৈ আহ্বান জনাইছে ৰাইদঙীয়াৰ ৰাইজ তথা দল সংগঠনে ।