অৰুণাচল প্ৰদেশ বিজেপিৰ সভাপতি তথা পূব অৰুণাচল লোকসভাৰ প্ৰাক্তন সাংসদ টাপিৰ গাওয়ে বৃহস্পতিবাৰে পূব ছিয়াং জিলাৰ পাছিঘাটত বহু প্ৰতীক্ষিত ছিছেনৰ পৰা লেয়িং সংযোগী গ্ৰাম্য পথটো উদ্বোধন কৰে।
আৰান মহোৎসৱ উপলক্ষে অনুষ্ঠিত পথ উদ্ধোধন অনুষ্ঠানটোত বিধায়কদ্বয় টাপাং টালোহ আৰু অলোম পানয়াঙৰ লগতে অঞ্চলটোৰ ৰাইজ উপস্থিত থাকে।
উল্লেখযোগ্য যে ছিছেন গাৱঁত পথ যোগাযোগৰ দাবী জনাই গাওঁবাসীয়ে ২০১৪ চনৰ সাধাৰণ নিৰ্বাচন বৰ্জন কৰাৰ বাবে অঞ্চলটোৱে বাতৰিৰ শিৰোনাম দখল কৰিছিল।
উদ্বোধনী অনুষ্ঠানত উপস্থিত থকা লোক সকলক সম্বোধন কৰি গাওয়ে নিজ ভাষণত গ্ৰাম্য অৰ্থনীতিৰ লগতে গাওঁ অঞ্চলৰ পথ পৰিবহণ ব্যৱস্থাৰ উন্নয়নৰ ওপৰত গুৰুত্ব দিয়ে।
পথ যোগাযোগৰ জৰিয়তে ৰাজ্যখনৰ প্ৰতিটো চুক-কোণকে সমীপৰ সদৰ কাৰ্যালয়ৰ সৈতে সংযোগ কৰাৰ বাবে ৰাজ্য চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে পথ যোগাযোগৰ উপৰি বিশুদ্ধ খোৱা পানী, বিদ্যুৎ, স্বাস্থ্য, শিক্ষা আদি সকলোধৰণৰ মৌলিক সুবিধা প্ৰদানৰ ক্ষেত্ৰত প্ৰেমা খাণ্ডু নেতৃত্বাধীন ৰাজ্য চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ।
তেওঁ ৰাজনৈতিক দল-মতৰ উৰ্ধত উঠি গাওঁখনৰ ৰাইজৰ লগতে নেতাসকলক উন্নয়ণ প্ৰক্ৰিয়াৰ অংশীদাৰ হ’বলৈ আহ্বান জনায়। অনুষ্ঠানটোৰ উপলক্ষে তেওঁ ‘ডাছবিন লো গেলিট টো’ (Throw in dustbin) শীৰ্ষক পৰিষ্কাৰ পৰিছন্নতা বিষয়ক এখন গানৰ চি ডি মুকলি কৰে।