পাঠ্যক্ৰমত উত্তৰ-পূবৰ বিষয়ে অন্তৰ্ভুক্ত কৰাত গুৰুত্ব আৰোপ অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ

অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু

প্ৰত্যেক ভাৰতীয় নাগৰিকে দেশখনৰ বিভিন্ন প্ৰান্তৰ লোকৰ বিষয়ে জনা উচিত বুলি চৰ্চা হৈ থকাৰ মাজতে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে পাঠ্যক্ৰমত উত্তৰ-পূবক অন্তৰ্ভুক্ত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে যাতে ছাত্ৰ-ছাত্ৰীয়ে অঞ্চলটোৰ তথা ইয়াৰ জনসাধাৰণৰ বিষয়ে জানিব পাৰে।

‘’ পৰ্যটন আৰু আন উদ্যোগৰ বিকাশৰ সম্ভাৱনাৰে পৰিপূৰ্ণ উত্তৰ-পূব হৈছে একক আৰু অনন্য,’’- নতুন দিল্লীত বুধবাৰে এবিভিপিয়ে আয়োজন কৰা আন্তঃৰাজ্যিক ছাত্ৰ-ছাত্ৰীৰ অভিজ্ঞতা বিনিময়ৰ এক কাৰ্যসূচীত অংশগ্ৰহণ কৰি খাণ্ডুৱে এই কথা প্ৰকাশ কৰে। তেওঁ ছাত্ৰ-ছাত্ৰীসকলক ইয়াৰ সৌন্দৰ্য তথা বৈচিত্ৰতাৰ প্ৰকৃত অভিজ্ঞতা লাভ কৰিবলৈ উত্তৰ-পূব ভ্ৰমণ কৰিবলৈ আহ্বান জনায়।

এবিভিপিয়ে আয়োজন কৰা ছেইল শীৰ্ষক অনুষ্ঠানটোত দেশখনৰ বিভিন্ন প্ৰান্তৰ লোকসকলৰ মাজত থকা ব্যৱধান হ্ৰাস কৰাৰ প্ৰচেষ্টা কৰা হৈছে। বিশেষকৈ দেশৰ অন্য প্ৰান্তৰ লোকৰ সৈতে উত্তৰ-পূবৰ ৰাজ্যসমূহৰ জনসাধাৰণৰ ব্যৱধান হ্ৰাস কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

এই কাৰ্যসূচীৰ অংশ হিচাপে উত্তৰ-পূবৰ ছাত্ৰ-ছাত্ৰীসকলক দেশৰ অন্য অংশলৈ ভ্ৰমণৰ বাবে উৎসাহিত কৰা হয় যাতে তাত গৈ পৰিয়ালবোৰৰ সৈতে থাকি ইজনে সিজনৰ সংস্কৃতি তথা পৰম্পৰা বুজিব পাৰে। একেদৰে ভাৰতৰ আন অংশৰ ছাত্ৰ-ছাত্ৰীসকলকো উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ ভ্ৰমণ কৰি এই ৰাজ্যৰ পৰিয়ালৰ সৈতে থাকি তেওঁলোকৰ বিষয়ে জানিবৰ বাবে উৎসাহিত কৰে।

মুখ্যমন্ত্ৰীগৰাকীয়ে এবিভিপিৰ এই পদক্ষেপৰ শলাগ লয় আৰু দেশৰ যুৱসকলৰ মাজত একতাৰ ভাৱ বৃদ্ধি কৰিব বুলি কয়। উত্তৰ-পূবৰ ৰাজ্যসমূহৰ লগত দেশৰ আন অংশৰ সংযোগৰ এনেধৰণৰ কাৰ্যসূচীৰ প্ৰয়োজন আছে বুলি তেওঁ উল্লেখ কৰে। মুখ্যমন্ত্ৰী খাণ্ডুৱে এবিভিপিক উত্তৰ-পূবৰ লগতে দেশৰ বাকী অংশৰ লোককো উপকৃত কৰিব পৰা এনেধৰণৰ কাৰ্যসূচী ভৱিষ্যতেও অনুষ্ঠিত কৰি যাবলৈ আহ্বান জনায়।