NORTHEAST NOW (Assamese)

পি বি এলত আজি নৰ্থ-ইষ্ট ৱাৰিয়ৰ্ছ বনাম আহমেদাবাদ স্মেশ্ব মাষ্টাৰ্ছ

December 26, 2017 2:46 pm · এন ই নাও নিউজ

ভোডাফোন প্ৰিমিয়াৰ বেডমিণ্টন লীগৰ তৃতীয় সংস্কৰণত অভিষেক ঘটা নৰ্থ-ইষ্ট ৱাৰিয়ৰ্ছে প্ৰথম খেলতে পৰাজয় বৰণ কৰাৰ পিছত আজি মুখামুখি হ’ব লীগৰ আন এক নৱাগত দল আহমেদাবাদ স্মেশ্ব মাষ্টাৰ্ছৰ। গুৱাহাটীৰ নবীন চন্দ্ৰ বৰদলৈ ইনড’ৰ ষ্টেডিয়ামত হ’ব লগীয়া আজিৰ খেলখনত আহমেদাবাদ স্মেশ্ব মাষ্টাৰ্ছে অভিষেক কৰিব। নৱাগত দল যদিও আজিৰ খেলখনত নৰ্থ-ইষ্ট ৱাৰিয়ৰ্ছৰ বিপক্ষে আহমেদাবাদ স্মেশ্ব মাষ্টাৰ্ছে শক্তিশালী ৰূপত অৱতীৰ্ণ হ’ব। কিয়নো স্মেশ্ব মাষ্টাৰ্ছে নিলামৰ সময়ত সুদক্ষ খেলুৱৈ ক্ৰয় কৰি এক শক্তিশালী দল গঠন কৰিছে। দলটোত বিশ্বৰ শীৰ্ষ মহিলা খেলুৱৈ টাইপেৰ টাই টুজু য়িঙৰ উপৰি পুৰুষৰ এককত ভাৰতৰ তাৰকা সৌৰভ বাৰ্মা আৰু এইচ এছ প্ৰণয়ে প্ৰতিদ্বণ্ডিতা আগবঢ়াব।

আনহাতে ঘৰুৱা দল নৰ্থ-ইষ্ট ৱাৰিয়ৰ্ছে আজিৰ খেলত সম্পূৰ্ণ পইণ্ট অৰ্জনৰ লক্ষ্যৰে কৰ্টত নামিব। দলটোৰ প্ৰশিক্ষক গৰাকীয়ে জানিব দিয়া অনুসৰি আজিৰ খেলত কোলো ধৰণৰ সাল সলনি নকৰে।

Related News