পুনেত ‘লুইত’ৰ উদ্যোগত এদিনীয়া ভাওনা সমাৰোহ সম্পন্ন

ভাওনা

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অমৰ সৃষ্টি ভাওনা হৈছে অসমীয়া জাতিৰ সংস্কৃতিক পৰিচয়স্বৰূপ। এই পৰিচয়ে অসম আৰু অসমীয়াক সমগ্ৰ বিশ্ব দৰবাৰত কৰি তুলিছে অনন্য- অদ্বিতীয়।

সেয়েহে ভাওনাৰ আবেদন গাঁৱে- ভূঞে, চহৰে- নগৰে আজিও বিদ্যমান। বিশ্বৰ যিকোনো প্ৰান্তত থকা অসমীয়াই অনুভৱ কৰে ভাওনাৰ দৰে চহকী সংস্কৃতিৰ টান।

মহাপুৰুষজনাৰ অমৰ সৃষ্টি ভাওনাৰ সৈতে নৱ প্ৰজন্মক পৰিচয় কৰি দিবলৈ তথা অসমৰ এই অতুলনীয় সংস্কৃতিৰ প্ৰসাৰ আৰু প্ৰচাৰ চলাবলৈ যোৱা ১৩ মে’ত পুনে নিবাসী অসমীয়া সমাজৰ সংস্থা ‘লুইত’ৰ উদ্যোগত এদিনীয়া ভাওনা সমাৰোহ অনুষ্ঠিত কৰা হয়।

উক্ত দিনা পুনেৰ কল্পতৰু ভৱনত দিনৰ প্ৰায় ২.৩০ বজাত আৰম্ভ হোৱা ভাওনা সমাৰোহৰ অন্ত পৰি নিশা ১০ বজাত।

উল্লেখযোগ্য যে অসমৰ প্ৰসিদ্ধ গোপালদেৱ সমন্বয় শিল্পী সমাজৰ ২৫ জনীয়া এটা দলে উক্ত দিনা ‘ৰাম কৃষ্ণ গুৰু দক্ষিণা’ নামৰ এখন ভাওনা প্ৰদৰ্শন কৰি সকলোকে আপ্লুট কৰিবলৈ সক্ষম হয়। আনহাতে অনুষ্ঠানটোৰ লগত সংগতি ৰাখি কীৰ্তন, খোল প্ৰসংগ, দিহা নাম আদি প্ৰদৰ্শন কৰে শিল্পীৰ দলটোৱে।

পুনেত ‘লুইত’ৰ উদ্যোগত অনুষ্ঠিত এই ভাওনা সমাৰোহখনিত অসমীয়া লোকসকলৰ সৈতে স্থানীয়ে বহু লোকে স্বতঃস্ফূৰ্তভাৱে অংশগ্ৰহণ কৰে।

ভাওনা সমাৰোহখনি সফলভাৱে সম্পন্ন হোৱাৰ বাবে আয়োজক সমিতিয়ে সকলোলৈ জ্ঞাপন কৰিছে আন্তৰিক ধন্যবাদ।