পেঙেৰীৰ ইনথেমত আজি ২৭৫ গ্ৰাম ড্ৰাগ্ছসহ এজন ব্যৱসায়ীক আটক কৰা হয়। ধৃত ড্ৰাগ্ছ ব্যৱসায়ীজনক সঞ্জীৱ সোণোৱাল বুলি চিনাক্ত কৰা হৈছে।
এখন বাইকেৰে অনা ড্ৰাগ্ছখিনি আৰক্ষীয়ে জব্দ কৰে। বাইকত থকা আনজন সহযোগীয়ে ছেগ বুজি ঘটনাস্থলীৰ পৰা পলায়ন কৰে।
আৰক্ষীয়ে এই ঘটনাৰ তদন্ত আৰম্ভ কৰিছে আৰু ইয়াৰ লগত জড়িত চক্ৰৰ সন্ধান চলাইছে। ধৃত ব্যৱসায়ীজনৰ জেৰাত অধিক তথ্য লাভ কৰাৰ সম্ভাৱনা আছে।
নিষিদ্ধ ড্ৰাগছৰ ব্যৱসায় এতিয়া অসম তথা উত্তৰ-পূৰ্বাঞ্চলত ব্যাপক হাৰত বৃদ্ধি পোৱা দেখা গৈছে। ৰাজ্যখনৰ বিভিন্ন স্থানৰ পৰা ড্ৰাগছৰ লগতে এই ব্যৱসায়ৰ সৈতে জড়িত বহু লোকক আৰক্ষীয়ে বিগত সময়ত আটক কৰিবলৈ সক্ষম হৈছে।
চলিত বছৰৰ ৫ মে’ তাৰিখে গুৱাহাটী ৰে’লৱে ষ্টেচনৰ পৰা ৰেল’ৱে আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হৈছিল।
ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত ড্ৰাগছ, ব্ৰাউন ছুগাৰ তথা নিচাজাতীয় ব্যৱসায়ৰ এক ৰমৰমীয়া ব্যৱসায় গঢ়ি উঠাৰ সম্ভেদ পোৱা গৈছিল চলিত বছৰৰে ২৫ মে’ৰ নিশা নগাঁও জিলাৰ আৰক্ষীয়ে এজন ব্ৰাউন ছুগাৰৰ ব্যৱসায়ীক আটক কৰিবলৈ সক্ষম হৈছিল। নগাঁও জিলাৰ হয়বৰগাঁও আৰক্ষীয়ে সেই নিশা নগাঁও চহৰৰ তেলীয়াপট্টিত এক গোপন সূত্ৰৰ আধাৰত এক অভিযান চলাই ৰব্বু আমিন নামৰ এজন যুৱকক আটক কৰিছিল।
এ এছ ০২ এল ৭৭৪৩ নম্বৰৰ এখন মাৰুতি জেনত ব্ৰাউন ছুগাৰখিনি বিক্ৰীৰ বাবে আনিছিল। কিন্তু আৰক্ষীয়ে সেই সময়তে অভিযান চলাই জেনখনৰ পৰা ৩৫ পেকেট ব্ৰাউন ছুগাৰ জব্দ কৰিছিল।
একেদৰে নলবাৰী চহৰৰ সোণপুৰত মে’ মাহৰ প্ৰথম ভাগত আৰক্ষী আৰু মহিলাই অভিযান চলাই প্ৰায় ২৭ কিলোৰো অধিক ভাং আৰু ৩০ পেকেটৰ অধিক মেনথল ছিগাৰেটৰ পেকেট জব্দ কৰিছিল। নলবাৰী আৰক্ষীৰ এটা দলে স্থানীয় শতাধিক মহিলাৰ সহযোগত সোণপুৰৰ নৈশ আশ্ৰয় গৃহৰ এটা কোঠাৰ পৰা এই হানিকাৰক সামগ্ৰীসমূহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল।
এনেদৰে যোৱা কেইমাহত অসমৰ বিভিন্ন স্থানত আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমানৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হৈছে। কিন্তু ড্ৰাগছৰ প্ৰচলন আৰু এই ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত চক্ৰক সম্পূৰ্ণৰূপে উৎখাত কৰিবলৈ আৰক্ষী এতিয়াও সক্ষম হোৱা নাই।