পে’ট্রল-ডিজেলৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিব নোৱৰা জনপ্ৰতিনিধিয়ে বৃদ্ধি কৰি ল’ব ভ্ৰমণ বানচ

Assam-Secretariat-678x381

প্ৰতিনিধিত্বমূলক চিত্ৰ

পে’ট্রল-ডিজেলৰ দাম বৃদ্ধিয়ে সাধাৰণ ৰাইজক চকুৰে সৰিয়হফুল দেখুৱাইছে যদিও চৰকাৰৰ তালৈ কোনো ভ্ৰূক্ষেপ নাই চৰকাৰ গঠন কৰি বহি থকা জনপ্ৰতিনিধিসকলৰ। নিজৰ ক্ষমতাৰে তেওঁলোকে মাথো নিজৰ এই অতিৰিক্ত খৰচ (পে’ট্রল-ডিজেলৰ দাম বৃদ্ধিৰ বাবে হোৱা)ৰ নামত বঢ়াই ল’ব খুজিছে ভ্ৰমণ বানচ। এয়াই আমাৰ জনপ্ৰতিনিধি।

বোধহয়, চাৰিওফালে মূল্যবৃদ্ধিৰ, বিশেষকৈ পে’ট্রল-ডিজেলৰ আকাশলংঘী দামৰ প্ৰতিবাদ হৈ থকা সত্ত্বেও তাত কৰিব লগীয়া একো নাই বুলি ধৰি লৈছে জনপ্ৰতিনিধিসকলে।

তাৰ পৰিৱৰ্তে, ৰাজ্যৰ জনপ্রতিনিধিসকল ভ্রমণ বানচ বৃদ্ধি কৰিবলৈ তৎপৰ হৈ পৰা বুলিহে এটা সূত্ৰৰ পৰা গম পোৱা গৈছে।

বিধানসভাত ২২ মে’ত অনুষ্ঠিত ‘এলামুনাছ কমিটী’ৰ বৈঠকত বিধায়কৰ ভ্রমণ বানচ প্রতি কিল’মিটাৰত ৮ টকাৰ পৰা ১৫ টকালৈ বৃদ্ধি কৰিবলৈ প্রস্তাৱ গ্রহণ কৰা হয়৷ মন কৰিব লগীয়া যে জনসাধাৰণৰ পক্ষত থাকি মাত মতাৰ নাটক কৰি থকা বিৰোধী বিধায়কসকলেও এই প্ৰস্তাৱত একেকোবে সমৰ্থন জনায়। বৈঠকত অংশ লোৱা শাসক-বিৰোধীৰ সকলো বিধায়কে ইয়াক সমৰ্থন কৰে। তেওঁলোকে পে’ট্রল-ডিজেলৰ আকাশলংঘী দাম বৃদ্ধিৰ বাবে ভ্ৰমণ ব্যয় বৃদ্ধি পোৱা বুলি কয়।

খুব সোনকালেই এলামুনাছ কমিটীয়ে বিধানসভাৰ অধ্যক্ষৰ জৰিয়তে চৰকৰৰ ওচৰত হেঁচা প্রদান কৰাৰ কথা।

মন কৰিব লগীয়া যে ইতিপূৰ্বে কেবিনেট প্রস্তাৱৰ পাছত যোৱা ৬ এপ্রিলত অসম বিধানসভাই মন্ত্রী-বিধায়কৰ খৰচ বৃদ্ধি সম্পর্কীয় বিধেয়কত অনুমোদন জনাইছিল ৷

বিজেপিৰ বিধায়ক প্রশান্ত ফুকনৰ অধ্যক্ষতাত গঠিত ‘এলামুনাছ কমিটী’ৰ বৈঠকখনত গৃহীত এই প্রস্তাৱ চৰকাৰ আৰু বিত্ত বিভাগৰ অনুমোদনৰ পিছতেই কাৰ্য্যকৰী হ’ব।

উল্লেখ কৰিব পাৰি যে যোৱা ৬ এপ্ৰিলত অসম বিধানসভাৰ বাজেট অধিৱেশনৰ অন্তিম দিনটোত মন্ত্ৰী-বিধায়কৰ দৰমহা সম্পৰ্কীয় বিধেয়ক গ্ৰহণ কৰি মন্ত্ৰী-বিধায়কসকলৰ দৰমহা প্ৰায় ৫০ শতাংশ বৃদ্ধি কৰা হৈছিল।