পেট্ৰ’ল, ডিজেলৰ মূল্য বৃদ্ধিৰ প্ৰতিবাদত ৪ জুনত ২৪ ঘণ্টীয়া চকা বন্ধ

পেট্ৰ'ল পাম্প

প্ৰতিনিধিত্বমূলক ফটো

পেট্ৰ’ল ডিজেলৰ মূল্য বৃদ্ধি, নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ৰ প্ৰতিবাদত আৰু অসমৰ বেচৰকাৰী খণ্ডৰ পথ পৰিবহণ শ্ৰমিকৰ বাবে কল্যাণ আইন প্ৰণয়নৰ দাবীত ৪ জুনৰ পুৱা ৫ বজাৰ পৰা চকা বন্ধৰ আহ্বান দিছে ৫টা কেন্দ্ৰীয় আৰু ৰাজ্যিক স্তৰৰ পথ পৰিবহণ শ্ৰমিক-মালিক সংগঠনে।

অল ইণ্ডিয়া ৰোড ট্ৰেন্সপ’ৰ্ট ৱৰ্কাৰ্ছ ফেডাৰেশ্যনৰ ৰাজ্যিক কমিটী, সদৌ অসম মটৰ শ্ৰমিক যুটীয়া পৰিষদ, অসম পেট্ৰ’লিয়াম মজদুৰ ইউনিয়ন, নৰ্থ ইষ্ট হেভী গুডছ কেৰিয়াৰ ট্ৰাক ওনাৰ্ছ এণ্ড ড্ৰাইভাৰ্ছ ৱেলফেয়াৰ এছ’চিয়েশ্যন, অসম মটৰ শ্ৰমিক ফেডাৰেশ্যনে এই কাৰ্যসূচী ঘোষণা কৰিছে।

সংগঠনকেইটাই ৰাজ্যখনৰ জনসাধাৰণৰ স্বাৰ্থত চকা বন্ধ কৰি ধৰ্মঘটত অংশ লোৱাৰ বাবে মটৰ পৰিবহণ শ্ৰমিক তথা মালিকসকললৈ আহ্বান জনায়।

আহ্বায়কসকলে ৰাজ্যখনত থকা কেৱ অপাৰেটৰ্ছ, শ্বেয়াৰ টেক্সি, টুৰিষ্ট টেক্সি, টাটা ছুম’, ই-ৰিক্সা, অট’ৰিক্সা, অট’ভান, বাছ, ট্ৰাক, টেংকাৰ, ট্ৰেক্টৰ, ক্ৰেনকে ধৰি গুৰু আৰু লঘু সকলো যান-বাহনৰ শ্ৰমিক-মালিক সংগঠনসমূহক এই বন্ধ অসমৰ পালন কৰিবলৈ আহ্বান জনায়।

সংগঠনসমূহে কেন্দ্ৰীয় তথা ৰাজ্যত থকা বিজেপি চৰকাৰৰ জনবিৰোধী তথা স্বেচ্ছাচাৰী নীতিৰ বাবে গভীৰ উদ্বেগ প্ৰকাশ কৰে। আনহাতে, যোৱা প্ৰায় এক পষেক ধৰি ধাৰাবাহিকভাৱে পেট্ৰ’ল ডিজেলৰ মূল্য বৃদ্ধি কৰাৰ লগতে নাগৰিকত্ব আইন ধৰ্মৰ নামত সংশোধন কৰিব বিচৰাটোৰ তীব্ৰ বিৰোধিতা কৰিছে আহ্বায়ক সংগঠনকেইটাই।

তদুপৰি, ৰাজ্যখনত মটৰ শ্ৰমিকৰ সংগঠনক দীৰ্ঘদিন ধৰি আশ্বাস দি অহাৰ পাছতো যোৱা দুবছৰে কল্যাণ আইন সম্পৰ্কত কোনো পদক্ষেপ ৰাজ্য চৰকাৰে গ্ৰহণ নকৰাৰ অভিযোগ তুলিছে সংগঠনসমূহে।