প্রস্তাৱিত নাগালিমত অসমৰ কোনো ভূ-খণ্ডই অন্তৰ্ভুক্ত নহয় : মুখ্যমন্ত্ৰী

উদ্যোগ, বাণিজ্য তথা পৰিৱহন মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে ডিমা হাচাওৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত ডিমা হাচাও স্বায়ত্ত্ব পৰিষদৰ প্ৰতিনিধিবৰ্গ তথা বিভিন্ন সংগঠনৰ সদস্যৰ সৈতে দিছপুৰত আলোচনাৰ মুহূৰ্তত। ফটো : ইউ বি ফটোছ

উদ্যোগ, বাণিজ্য তথা পৰিৱহন মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে ডিমা হাচাওৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত ডিমা হাচাও স্বায়ত্ত্ব পৰিষদৰ প্ৰতিনিধিবৰ্গ তথা বিভিন্ন সংগঠনৰ সদস্যৰ সৈতে দিছপুৰত আলোচনাৰ মুহূৰ্তত। ফটো : ইউ বি ফটোছ

প্ৰস্তাৱিত নাগালিমত অসমৰ কোনো ভূ-খণ্ডই অন্তৰ্ভুক্ত নহয়। অসমৰ ভৌগলিক অখণ্ডতা খৰ্ব হ’বলৈ দিয়া নহয়। আজি নতুন দিল্লীৰ পৰা প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এইদৰে কয়।

ডিমা হাচাওত সংঘটিত শেহতীয়া ঘটনা ৰাজিৰ ওপৰত প্ৰতিক্ৰিয়া ব্যক্ত কৰি মুখ্যমন্ত্ৰীয়ে লগতে কয় যে প্ৰস্তাৱিত নাগালিমক লৈ অসমৰ কোনো অঞ্চলৰ লোকে শংকিত হোৱাৰ প্ৰয়োজন নাই। এই ক্ষেত্ৰত ডিমা হাচাওৰ জনসাধাৰণেও কোনো শংকাত ভূগিব নালাগে বুলি তেওঁ কয়।

ৰাজ্য চৰকাৰে এই সন্দৰ্ভত সক্ৰিয় পদক্ষেপ গ্ৰহণ কৰাৰ উপৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙেও অসমৰ কোনো অংশ প্ৰস্তাৱিত নাগালিমত অন্তৰ্ভুক্ত নহয় বুলি কৈছে। মুখ্যমন্ত্ৰীয়ে ডিমা হাচাওকে ধৰি ৰাজ্যখনৰ সকলো জনসাধাৰণকে শান্তি সম্প্ৰীতি অটুট ৰাখিবলৈ আহ্বান জনায়।

ইপিনে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত আজি  জনতা ভৱনৰ মুখ্যমন্ত্ৰীৰ সভাকক্ষত ডিমা হাচাও স্বায়ত্ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য, কাৰ্যবাহী সদস্য তথা ডিমা হাচাওৰ বিভিন্ন সংগঠনৰ  প্ৰতিনিধিৰ উপস্থিতিত  এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়।

উদ্যোগ আৰু বাণিজ্য তথা সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকত ডিমা হাচাওৰ শেহতীয়া পৰিস্থিতিৰ ওপৰত পৰ্যালোচনা কৰা হয়।

বৈঠকত অধ্যক্ষতা কৰি উদ্যোগ আৰু বাণিজ্য বিভাগৰ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে কয় যে অসমৰ ভূ-খণ্ডৰ এক ইঞ্চি মাটিও কোনো ক্ষেত্ৰতে এৰি দিয়া নহ’ব।

মন্ত্ৰী গৰাকীয়ে লগতে কয় যে ডিমা হাচাওৰ উন্নয়নৰ গতি তৰান্বিত কৰাৰ বাবে চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। ডিমা হাচাওৰ শেহতীয়া ঘটনা ৰাজি অত্যন্ত দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰি মন্ত্ৰী গৰাকীয়ে এনে ধৰণৰ ঘটনাৰ যাতে পুনৰাবৃত্তি নহয় তাৰ বাবে সকলো শ্ৰেণীৰ জনসাধাৰণক সচেষ্ট হৈ থকাৰ বাবে আহ্বান জনায়।

মন্ত্ৰী পাটোৱাৰীয়ে ডিমা হাচাওৰ শেহতীয়া পৰিস্থিতিৰ পৰ্যবেক্ষণৰ বাবে মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ ভিত্তিত অহা ২৭ জানুৱাৰিত জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত আৰু গড়কপ্তানি মন্ত্ৰী পৰিমল শুক্লবৈদ্য ডিমা হাচাওলৈ ৰাওনা হ’ব বুলি কয়।

আজিৰ এই বৈঠকত মুখ্যমন্ত্ৰীৰ মিডিয়া উপদেষ্টা হৃষীকেশ গোস্বামী, আইন উপদেষ্টা শান্তনু ভৰালী, মুখ্য সচিব ভি কে পিপাৰনেচীয়া, অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান (এছ বি) পল্লৱ ভট্টাচাৰ্য, ডিমা হাচাও স্বায়ত্ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেবুলাল গাৰ্লোছা, কাৰ্যবাহী সদস্য চেমুৱেল চাংচন, জে এন এইচ, ডি এছ ইউ, এ ডি এছ ইউৰ প্ৰতিনিধি বৰ্গও উপস্থিত আছিল।