প্রয়োজনীয় নথি-পত্ৰ বিহীন দোকানত বজালী প্ৰশাসনৰ তলা

3333

বজালী প্ৰাশাসনে শুকুৰবাৰে এটা অভিযান চলাই বজালী চহৰত বহু কেইখন দোকান তলা লগায়। বজালীৰ মহকুমা বিষয়া (অসামৰিক) বিজয় ৰেড্ডী পি আৰু পাঠশালা টাউন কমিটীয়ে যুটীয়াভাৱে প্ৰয়োজনীয় নথি-পত্ৰ বিহীন দোকানসমূহৰ বিৰুদ্ধে এই অভিযান চলায়। অভিযানৰ সময়ত বাণিজ্য অনুজ্ঞাপত্ৰ, জিএছটি আৰু অন্যন্য তথ্যপাতি পৰীক্ষা কৰে অভিযানকাৰী দলটোৱে। অভিযান কালত ধৰা পৰে যে পাঠশালা চহৰৰ দৈনিক বজাৰত বহুকেইগৰাকী লোকে মাহৰ পৰা মাহ ধৰি তেওঁলোকৰ যাৱতীয় ভাড়া পাঠশালা টাউন কমিটীক প্ৰদান কৰা নাছিল।

ভাড়া নিদিয়াকৈ থকা লোকসকলৰ মাজত উল্লেখযোগ্য কেইগৰাকীমান হৈছে সঞ্জীৱ ৰয়, বকুল তালুকদাৰ, দিলীপ তালুকদাৰ, অপূৰ্ব দাস, সুবল তালুকদাৰ, ঋতেন তালুকদাৰ, অশোক ৰয়। এই আটাইকেইগৰাকী ব্যক্তিৰ দোকানত ইতিমধ্যে তলা লগাইছে মহকুমা প্ৰশাসনে। তেওঁলোকে আদায় দিবলগীয়া টকাখিনি জমা নিদিয়া পৰ্যন্ত দোকানসমূহ বন্ধ ৰখা হ’ব।

পঞ্জীয়ণ নোহোৱা বহুতো দোকানক অস্থায়ী বাণিজ্য অনুজ্ঞাপত্ৰ প্ৰদান কৰা হৈছে আৰু আনুষ্ঠানিকতা পূৰণ কৰাৰ বাবে তেওঁলোকক এমাহ সময় দিয়া হৈছে। তাৰোপৰি, দোকানীসকলক জিএছটিত পঞ্জীয়ণ কৰিবলৈ আৰু ডাষ্টবিন ব্যৱহাৰ কৰাৰ বাবেও প্ৰশাসনে অনুৰোধ জনায়।

পাঠশালা টাউন কমিটীৰ অধ্যক্ষ হিমাংশু ৰয়ে এই সংবাদদাতাৰ সৈতে হোৱা এটা বাৰ্তালাপত প্ৰকাশ কৰিছে যে টাউন কমিটীৰ বিনানুমতিত যিয়ে গৃহ নিৰ্মাণ কৰে তেওঁলোকেও ১০হাজাৰৰ পৰা ২ লাখ টকা পৰ্যন্ত জৰিমণা ভৰিব লাগিব।