প্ৰতিভাধৰ যুৱ বিজ্ঞানী শিৱাশিসক পাঁচ লাখৰ চেক প্ৰদান বিটিচি প্ৰধান হাগ্ৰামাৰ
কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমাৰ সম্ভাৱণাপূৰ্ণ যুৱ বিজ্ঞানী শিৱাশিস কৰক বৃহস্পতিবাৰে বিটিচি প্ৰশাসনৰ তৰফৰ পৰা বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে পাঁচলাখ টকাৰ চেক প্ৰদান কৰে ।
উল্লেখ্য যে প্ৰচুৰ সম্ভাৱণাপূৰ্ণ উদীয়মান বিজ্ঞানীজনক কালি বিটিচি প্ৰশাসনৰ তৰফৰ পৰা আঢ়ৈ লাখ আৰু বিপিএফ দলৰ পৰা আঢ়ৈ লাখ টকাৰ দুখন চেক প্ৰদান কৰে।
কোকৰাঝাৰ চহৰৰ বডোফা নৌগৰস্থিত বিটিচি সচিবালয়ৰ সভাকক্ষত কালি দুপৰীয়া যুৱ বিজ্ঞানীগৰাকীক সম্বৰ্ধনা তথা আৰ্থিক অনুদান আগবঢ়োৱাৰ উদ্দেশ্যেই এক অনুষ্ঠানৰ আয়োজন কৰি দুয়োখন চেক বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে প্ৰদান কৰে।
গোসাঁইগাঁও চহৰৰ ৪ নং ৱাৰ্ডৰ জয়নগৰৰ বাসিন্দা সুজয় কৰ আৰু ফাল্গুনী কৰৰ পুত্ৰ তথা পশ্চিমবংগৰ হলদিয়া ইনষ্টিটিউট অব টেকন’লজীৰ ছাত্ৰ শিৱাশিস কৰে মোবাইলত ভিডিঅ’ কলিঙৰ ক্ষেত্ৰত প্ৰচলিত ২ডিক ৩ডিলৈ ৰূপান্তৰিত কৰিবলৈ সক্ষম হৈছে।
কালি প্ৰতিভাধৰ বিজ্ঞানীজনে সম্বৰ্ধনা তথা আৰ্থিক অনুদান গ্ৰহণ কৰি সংবাদ মাধ্যমৰ আগত নিজৰ মনৰ ভাৱ ব্যক্ত কৰি কয় স্মাৰ্ট ফোনত সম্প্ৰতি প্ৰচলিত হৈ থকা ভিডিঅ’ কলিঙৰ ২ডি মুহুৰ্তৰ ভিতৰতে ৩ডিলৈ ৰূপান্তৰিত কৰিব।