এপ্ৰিলৰ ২৮ তাৰিখে আৰম্ভ হোৱা মিজোৰামৰ ভৈৰেংতেত অৱস্থিত উগ্ৰবাদ বিৰোধী আৰু অৰণ্য যুদ্ধ বিদ্যালয় ( Counter Insurgency & Jungle Warfare (CIJW) School) নামৰ বিশ্বৰ আগশাৰিৰ সামৰিক প্ৰশিক্ষণ প্ৰতিষ্ঠানটোৰ ৪৯ সংখ্যক প্ৰতিষ্ঠা দিৱস উদ্যাপনৰ ১ মে’ত সামৰণি পৰিছে। এই প্ৰতিষ্ঠা দিৱসৰ আয়োজন যোৱা ২৮ এপ্ৰিলত আৰম্ভ কৰা হৈছিল। এই অনুষ্ঠানত শোভা বৰ্ধন কৰিছিল অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট জেনেৰেল, (পৰম বিশিষ্ট সেৱা মেডেল, উত্তম যুধ সেৱা মেডেল, অতি বিশিষ্ট সেৱা মেডেল,বিশিষ্ট সেৱা মেডেল প্ৰাপ্ত) মিজোৰামৰ ৰাজ্যপাল নিৰ্ভয় শৰ্মাই।
ৰাজ্যপালে মেজৰ জেনেৰেল এম এছ ঘূৰা, ভি এছ এম, কামাণ্ডেণ্ট আৰু উগ্ৰবাদ বিৰোধী আৰু অৰণ্য যুদ্ধ বিদ্যালয়ৰ গোটটোক ইয়াৰ প্ৰতিষ্ঠা দিৱসৰ অভিনন্দন জ্ঞাপন কৰে। ৰাজ্যপালৰ ভ্ৰমণৰ সময়ত তেওঁক বিদ্যালয়খনত উপলব্ধ সমসাময়িক উগ্ৰবাদৰ সৈতে মোকাবিলা কৰাৰ বাবে প্ৰশিক্ষণ দিয়াৰ বাবে আৱশ্যকীয় সৰ্বাধুনিক সা-সুবিধা আৰু আন্তঃগাঁথনিসমূহ দেখুৱায়। এই অনুষ্ঠানত গুৰুত্বপূৰ্ণ সামৰিক আৰু অসামৰিক ব্যক্তিয়ে অংশগ্ৰহণ কৰে।
অনানুষ্ঠানিক অৰণ্য প্ৰশিক্ষণ বিদ্যালয় হিচাপে শ্বিলঙৰ ওচৰৰ মিনক্ৰেত ১৯৬৭ চনত এই বিদ্যালয়খন প্ৰতিষ্ঠা কৰিছিল লে: কৰ্নেল (পৰৱৰ্তী কালত লে: জেনেৰেল(পৰম বিশিষ্ট সেৱা মেডেল, যুধ সেৱা মেডেল, অতি বিশিষ্ট সেৱা মেডেলপ্ৰাপ্ত) মেথিউ থমাছে। ১৯৬৮ত এই বিদ্যালয়খনক ইষ্টাৰ্ন কমাণ্ড কাউণ্টাৰ ইনছাৰজেঞ্চি স্কুল হিচাপে নামকৰণ কৰা হয় আৰু পৰৱৰ্তী কালত ১৯৭০ৰ ১ মে’ত ইয়াক বৰ্তমানৰ ভৈৰেংতেলৈকে (মিজোৰাম) কাউণ্টাৰ ইনছাৰজেঞ্চি এণ্ড জাংগল ৱাৰফেয়াৰ স্কুল নাম দি স্থানান্তৰিত কৰা হয়। এই প্ৰতিষ্ঠানটোৰ আপ্তবাক্য হৈছে গেৰিলাৰ সৈতে গেৰিলাৰ দৰে যুদ্ধ কৰা(Fight the Guerrilla like a Guerrilla)।
বিশ্বৰ শীৰ্ষতম আৰু সৰ্বাধুনিক প্ৰশিক্ষণ ব্যৱস্থা উপলব্ধ এই সামৰিক শিক্ষা প্ৰতিষ্ঠানটোত আমেৰিকা, ৰাছিয়া, ফ্ৰান্স, ছিংগাপুৰ, ইজৰাইল, বাংলাদেশ, ভূটান, নেপাল, আদি বিশ্বৰ বিভিন্ন দেশৰ সামৰিক বাহিনীৰ লোকক অপৰম্পৰাগত আৰু গেৰিলা যুদ্ধৰ প্ৰশিক্ষণ প্ৰদান কৰা হৈছে।
প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছিল। তাৰ পাছত কামাণ্ডেণ্ট মেজৰ জেনেৰেল এম এছ ঘূৰাই কৰ্মচাৰী আৰু শিক্ষা প্ৰতিষ্ঠানটোক উদ্দেশ্যি প্ৰদান কৰা বিশেষ ভাষণ প্ৰদান কৰিছিল। কমাণ্ডেণ্টগৰাকীয়ে বিদ্যালয়খনৰ বিশিষ্ট শিক্ষাৰ্থীসকলক প্ৰশংসা কৰে আৰু ভৈৰেংতেৰ স্থানীয় ৰেংখাওপুই ফুটবল ক্লাবক ক্ৰীড়াৰ সা-সঁজুলি প্ৰদান কৰে। ব্যক্তি আৰু আদৰ্শ সমাজৰ বিকাশৰ ক্ষেত্ৰত ক্ৰীড়াৰ ভূমিকা সম্পৰ্কে কমাণ্ডেণ্টগৰাকীয়ে ব্যাখ্যা কৰে।
ভাৰতীয় সেনা বাহিনীৰ ৰাষ্ট্ৰ গঠনৰ প্ৰক্ৰিয়াত সামৰিক বিদ্যালয়খনে যোগোৱা অৱদানৰ এক অংশ হিচাপে উগ্ৰবাদ বিৰোধী আৰু অৰণ্য যুদ্ধ বিদ্যালয়ে ইয়া চৌহদত ২০০ৰো অধিক বনৌষধী আলংকাৰিক বৃক্ষ ৰোপণ কৰে।