প্ৰথমবাৰৰ বাবে আয়োজিত আন্তৰ্জাতিক শিৱ মহোৎসৱত অংশ গ্ৰহণ মুখ্য মন্ত্ৰীৰ

শিৱ মহোৎসৱ

‘শিৱসাগৰক এখন গুৰুত্বপূৰ্ণ পৰ্যটনৰ স্থান হিচাপে বিকশাই তোলাৰ বাবে ৰাজ্য চৰকাৰে সু-সংঘবদ্ধ পদক্ষেপ গ্ৰহণ কৰিব।’ আজি মহাশিৱৰাত্ৰি উপলক্ষে শিৱসাগৰৰ শিৱ দ’ল উন্নয়ন ব’ৰ্ডে আয়োজন কৰা প্ৰথম আন্তৰ্জাতিক শিৱ উৎসৱৰ মুকলি সভাত অংশ গ্ৰহণ কৰি মুখ্য মন্ত্ৰী গৰাকীয়ে এইদৰে কয়।

মুখ্য মন্ত্ৰী গৰাকীয়ে কয় যে, ‘শিৱসাগৰৰ ঐতিহাসিক সমল সমূহে ৰাজ্যখনক সুকীয়া মৰ্যাদা প্ৰদান কৰিছে। জিলাখনৰ পৰ্যটনৰ সম্ভাৱনীয়তা সমূহ বিকশাই তোলাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে এক নতুন পৰ্যটন নীতি ঘোষণা কৰিছে আৰু এই পৰ্যটন নীতিয়ে বিনিয়োগকাৰীসকলক এই খণ্ডটোত বিনিয়োগ কৰাৰ ক্ষেত্ৰত অধিক আগ্ৰহী কৰি তুলিব।’

একৈশ শতিকা বিজ্ঞান, প্ৰযুক্তি আৰু প্ৰতিযোগিতাৰ যুগ বুলি উল্লেখ কৰি মুখ্য মন্ত্ৰীয়ে নৱ প্ৰজন্মৰ ব্যক্তিত্ব বিকাশ আৰু নৈতিক চৰিত্ৰ সুদৃঢ়কৰণৰ বাবে শিক্ষক সমাজে গুৰু দায়িত্ব বহন কৰিব লাগিব বুলি সৰ্বানন্দই উল্লেখ কৰে।

আজিৰ অনুষ্ঠানতে আন্তৰ্জাতিক শিৱ মহোৎসৱ উপলক্ষে প্ৰকাশ কৰি উলিওৱা এখনি স্মৰণিকা আনুষ্ঠানিকভাৱে মুখ্য মন্ত্ৰী গৰাকীয়ে উন্মোচন কৰে। অনুষ্ঠানৰ আগতে মুখ্য মন্ত্ৰীয়ে মহাশিৱৰাত্ৰি মহাশিৱৰাত্ৰি উপলক্ষে ঐতিহাসিক শিৱ দ’লত সেৱা জনায়।

উক্ত অনুষ্ঠানটোত যোৰহাট লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, বিধায়ক সকল ক্ৰমে প্ৰশান্ত ফুকন, কুশল দুৱৰী, তপন গগৈ, যোগেন মোহন, শিৱসাগৰ জিলা উপায়ুক্ত নাৰায়ণ কোঁৱৰ, চৰাইদেউ জিলা উপায়ুক্ত বিবেকানন্দ ফুকনৰ লগতে বহু সংখ্যক গণ্য-মান্য ব্যক্তি উপস্থিত আছিল।