NORTHEAST NOW (Assamese)

প্ৰথমবাৰৰ বাবে উচ্চতম ন্যায়ালয়ত একেলগে শপত ল’লে ৯গৰাকী ন্যায়াধীশে

August 31, 2021 11:48 am · এন ই নাও নিউজ
Updated: September 1, 2021 11:53 am

তিনিগৰাকী মহিলা ন্যায়াধীশকে ধৰি উচ্চতম ন্যায়ালয়ত একেলগে ৯গৰাকী ন্যায়াধীশে শপত গ্ৰহণ কৰিলে।

উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামে দেশৰ বিভিন্ন আদালতৰ ৯গৰাকী ন্যায়াধীশৰ নাম কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰিছিল। বৃহস্পতিবাৰে সেই তালিকাত ৰাষ্ট্ৰপতিয়ে চূড়ান্ত অনুমোদন জনায়।

ইয়াৰ পাছতে মঙলবাৰে এই ৯গৰাকী ন্যায়াধীশে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশক শপত বাক্য পাঠ কৰোৱায় দেশৰ মুখ্য ন্যায়াধীশ এন ভি ৰামান্নাই।

আজি শপত গ্ৰহণ কৰা ন্যায়াধীশসকলৰ ভিতৰত আছে ৩গৰাকী মহিলা ন্যায়াধীশে। উচ্চতম ন্যায়ালয়ত এইদৰে একেলগে ইমান মহিলা ন্যায়াধীশ নিযুক্ত হোৱাটো এয়াই প্ৰথম।

সৰ্বোচ্চ আদলখনৰ ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰা বি ভি নাগৰত্না ২০২৭চনৰ ছেপ্টেম্বৰত দেশৰ প্ৰথমগৰাকী মহিলা হিচাপে মুখ্য ন্যায়াধীশ পদত অধিষ্ঠিত হোৱাৰ দৌৰত আছে।

ন্যায়ধীশ নাগৰত্নাৰ বাহিৰে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰা আন দুগৰাকী মহিলা ন্যায়াধীশ হ’ল তেলেংগানাৰ হিমা কোহলি আৰু গুজৰাটৰ বেলা এম ত্ৰিবেদী।

সেইদৰে, আজি উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰা আন ন্যায়াধীশকেইগৰাকী হ’ল অভয় শ্ৰীনিবাস ওকা (কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আছিল), বিক্ৰম নাথ (গুজৰাট উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আছিল), জিতেন্দ্ৰ কুমাৰ মহেশ্বৰী (ছিকিম উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আছিল), চি টি ৰৱিকুমাৰ (কেৰেলা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ আছিল) আৰু এম এম
সুন্দৰেশ (কেৰেলা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ আছিল)।

Related News