নিজ সমষ্টিৰ খেলপথাৰ ধ্বংসক লৈও মুখ খুলিব নোখোজে দিচপুৰৰ অতুল বৰাই

Atul

নিজ সমষ্টি দিচপুৰৰ খানাপাৰাৰ অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ বিশাল আৰু অসমৰ ভিতৰতে উৎকৃষ্ট খেলপথাৰখন ধ্বংস হোৱা সন্দৰ্ভত মন্তব্য কৰিব নোখোজে বিভিন্ন বিষয়ত সততে সৰৱ স্থানীয় বিধায়ক অতুল বৰাই।

‘(খেলপথাৰ) বিষয়টোত মই এতিয়াই সোমাব খোজা নাই,’ ক’লে অতুল বৰাই। ‘আনে মূৰ সুমুৱাবলৈ ভয় কৰা বহুকেইটা বিষয়ত ইতিমধ্যে মূৰ সুমুৱাই’ থোৱা বাবে এতিয়াই বিষয়টোত মন্তব্য কৰিব নুখুজিলে বিধায়কগৰাকীয়ে।

ফলত প্ৰশ্ন উঠিছে বিজেপিয়ে উত্থাপন কৰা নাগৰিকত্ব বিধেয়কৰ বিৰোধিতা কৰাৰ ফলত অৱস্থা তথৈবচ হৈছে নেকি দিচপুৰৰ বিধায়ক অতুল বৰাৰ?

উল্লেখযোগ্য যে ৰাজ্যৰ প্ৰায় সকলো দল-সংগঠনে সৰ্বাত্মক বিৰোধিতা কৰা নাগৰিকত্ব বিধেয়ক বিৰোধিতাৰে অসম আন্দোলনৰ নেতাজন সৰৱ হৈ উঠাৰ পিছতে এই সন্দৰ্ভত মন্তব্য কৰাৰ পৰা বিৰত থাকিবলৈ অসম বিজেপিয়ে সকলো দলীয় নেতাকে নিৰ্দেশ দিছিল আৰু দলে ৩০ জুনৰ পিছতহে এই বিষয়ে মুখ খুলিব বুলিছিল।

নিজ সমষ্টিৰ উন্নত সা-সুবিধাযুক্ত খেলপথাৰখন ধ্বংস হোৱাক লৈ অসমৰ একাংশ প্ৰাক্তন ৰঞ্জি খেলুৱৈ, ক্ৰীড়া সংগঠকৰ লগতে অসমৰ বিভিন্ন জাতীয় সংগঠন সৰৱ হৈ উঠাৰ পিছতো স্থানীয় বিধায়কজনৰ এই নীৰৱতা তাৎপৰ্য্যপূৰ্ণ বুলি বিবেচিত হৈছে।

বৰাই কয় ‘খেলপথাৰখনত ৰাজনৈতিক সভা-সমিতি অনুষ্ঠিত কৰি থকাৰ ফলত দেখা দিয়া অসুবিধাসমূহ পত্ৰযোগে মহাবিদ্যালয় কৰ্তৃপক্ষই চৰকাৰক জনাওক। এই বিষয়ত তেতিয়া চৰকাৰে কি ব্যৱস্থা লয় সেইটো চাই মই মন্তব্য কৰিম।’

বৰাই অৱশ্যে ‘যিহেতু সেইখনক খেলপথাৰ বুলি নামকৰণ কৰা হৈছে গতিকে তাত খেলাৰ ব্যৱস্থাই হ’ব লাগে’ বুলি মত প্ৰকাশ কৰে।

অসমৰ ভিতৰতে অন্যতম বিশাল আৰু উন্নত খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰখন বিজেপি দলেই ধ্বংস কৰা বুলি নৰ্থ ইষ্ট নাও-এ প্ৰকাশ কৰা ধাৰাৱাহিক, বিস্তাৰিত প্ৰতিবেদনৰ পিছত ৰাজ্যৰ একাংশ প্ৰাক্তন ৰঞ্জি খেলুৱৈ আৰু ক্ৰীড়া সংগঠকে তীব্ৰ প্ৰতিবাদ কৰিছিল।

আছু, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লগতে বিৰোধী কংগ্ৰেছ দলেও খেলপথাৰখন ধ্বংসক লৈ সৰৱ হৈ উঠিছিল।