প্ৰসিদ্ধ সাংবাদিক, লিখক অনন্ত কুমাৰ দাসৰ বিয়োগ

Veteran-journalist-no-more-570x320

কেইবাখনো গ্ৰন্থৰ লিখক, প্ৰসিদ্ধ সাংবাদিক অনন্ত কুমাৰ দাসৰ বহস্পতিবাৰে নিশা নিজা বাসভৱনত মৃত্যু ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৯২ বছৰ। গোৱালপাৰা জিলা, বিশেষকৈ ধূপধৰা অঞ্চলৰ পৰা তেওঁ সংবাদ সেৱা আগবঢ়াইছিল।

তেওঁৰ মৃত্যুৰ খৱৰ পাই সহস্ৰাধিক লোকে শেষবাৰৰ বাবে শ্ৰদ্ধা জনাবলৈ কলেজ নগৰত থকা তেওঁৰ বাসভৱনত উপস্থিত হয়। শুকুৰবাৰে তেওঁৰ গুণমুগ্ধ তথা অনুগামীসকলে তেওঁৰ মৃতদেহ ৰাজপথলৈ শোভাযাত্ৰা কৰি উলিয়াই আনি ধূপধৰাৰ বিভিন্ন সংগঠনৰ আৰু প্ৰতিষ্ঠানৰ কাৰ্যালয়লৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ বাবে নিয়ে। তেওঁ ওত:প্ৰোতভাৱে জড়িত হৈ থকা ৰূপজ্যোতি সাহিত্য সভা, মিলন সংঘ, চেম্বাৰ্চ অফ কমাৰ্ছ, ধূপধৰা ছোৱালী হাইস্কুল, ধূপধৰা হাইস্কুল আদি অনুষ্ঠানলৈ তেওঁৰ নশ্বৰ দেহত শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে নিয়া হয়।

১৯২৬ চনত জন্ম লাভ কৰা অনন্ত দাসৰ পিতৃ আছিল অগৰুৰাম দাস আৰু মাতৃ ধৰ্মেশ্বৰী দাস। তেওঁ জনমভূমি আৰু দৈনিক অসমকে ধৰি কেইবাখনো দৈনিক আৰু সাপ্তাহিক কাকতৰ বাবে কাম কৰিছিল।

কেৱল সেয়াই নহয়, তেওঁ আন কেইবাখনে কাকতৰ সংবাদদাতা হিচাপে কাম কৰিছিল আৰু জিলাখনৰ সমস্যাসমূহ দাঙি ধৰিছিল। তেওঁ তেজপুৰৰ পৰা প্ৰকাশিত ‘মহাজাতি’, হাউলীৰ পৰা প্ৰকাশিত ‘আমাৰ দেশ’ আৰু বৰপেটাৰ পৰা প্ৰকাশিত ‘বৰপীঠ’তো সংবাদসেৱা কৰিছিল।

তেওঁৰ এই দীঘলীয়া আৰু উৎসৰ্গিত সেৱাৰ বাবে অসমৰ বাতৰিককাকতৰ ডেৰশ বছৰীয়া জয়ন্তীত তেওঁক সম্বৰ্দ্ধনা জনোৱা হৈছিল। তেওঁ ৰাজ্যিক পৰ্যায়ৰ বাতৰি কাকতত কাম কৰা ধূপধৰাৰ প্ৰথমগৰাকী সাংবাদিক আছিল।

সাংবাদিকতা কৰাৰ উপৰিও অনন্ত দাসে অসমীয়া সাহিত্যলৈও বৰঙণি আগবঢ়াই গৈছে। সাহিত্যৰ প্ৰতি থকা তেওঁৰ আকৰ্ষণৰ ফলশ্ৰুতিত তেওঁ লিখি উলিয়াইছিল ‘’মীৰা বনৰ জীয়ৰী’’, ‘‘ছিৰি চিন্তা’’, ‘’কল্পনা’’, ‘’মৃত্যুৰ পিছত’’, ‘’বনৰাণী’’ আৰু ‘’সাহিত্য নে প্ৰেম’’ নামৰ গ্ৰন্থ।

যদিওৱা তেওঁৰ সাহিত্য কৰ্ম আধুনিক পাঠকে কমকৈ জানে তথাপি তেওঁৰ সমকালীন পাঠকসকলে সেইয়া স্মৰণ কৰে।

তেওঁ তিনিবাৰকৈ অসম সাহিত্য সভাৰ ৰাজ্যিক কাৰ্যবাহী সদস্য হিচাপে নিৰ্বাচিত হৈছিল। কেইবাটাও সামাজিক আৰু সাংবাদিক সংগঠনে তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰিছে আৰু তেওঁৰ মৃত্যু এক অপূৰণীয় ক্ষতি বুলি অভিহিত কৰিছে।